• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ আজি ইন্দোৰত সম্প্ৰীতিৰ বাৰ্তা, কৰ্কট চিকিৎসালয় কৰিব উদ্বোধন
National

আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ আজি ইন্দোৰত সম্প্ৰীতিৰ বাৰ্তা, কৰ্কট চিকিৎসালয় কৰিব উদ্বোধন

CliQ INDIA
Last updated: August 10, 2025 6:10 pm
CliQ INDIA
Share
3 Min Read
SHARE

ইন্দোৰ, ১০ আগষ্ট (হি.স.)। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ)ৰ মুৰব্বী ডা০ মোহন ভাগৱতে আজি (দেওবাৰে) ইন্দোৰত দুটা বৃহৎ অনুষ্ঠানত অংশ ল’ব। তেওঁ পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজালৈ আঁচনি নং ৭৮ত অৱস্থিত ব্রিলিয়েণ্ট কনভেনচন চেণ্টাৰত আয়োজিত মালৱা প্রদেশৰ সমন্বয় সভাত পঞ্চ প্রাণ বিষয়ৰ ওপৰত আমন্ত্রিত বুদ্ধিজীৱীসকলৰ সৈতে মত বিনিময় কৰিব আৰু সদিচ্ছাৰ বার্তা আগবঢ়াব৷ ইয়াৰ পিছত তেওঁ শ্ৰী গুৰুজী সেৱা ন্যাসৰ প্ৰকল্প মাধৱ সৃষ্টি আৰোগ্য কেন্দ্ৰৰ কৰ্কট চিকিৎসালয়ৰ উদ্বোধনী অনুষ্ঠানত সন্ধিয়া ৫ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ অংশগ্ৰহণ কৰিব।

সৰসংঘচালক ডাঃ ভাগৱত শনিবাৰে নিশা ইন্দোৰত উপস্থিত হয় । ৰামবাগ অঞ্চলৰ পন্তবৈধ কলনীত অৱস্থিত সংঘৰ কাৰ্যালয় সুদৰ্শনত নিশাটো কটায়। মালৱা প্ৰদেশৰ উদ্যোগত আজি পঞ্চ পৰিৱৰ্তন সংঘ শতবাৰ্ষিকী বৰ্ষৰ অন্তৰ্গত ইন্দোৰৰ ব্রিলিয়েণ্ট কনভেনচন চেণ্টাৰত সৰসংঘচলক ডা০ ভাগৱতৰ উপস্থিতিত জনসাধাৰণক নিজৰ নাগৰিক কৰ্তব্য, পৰিৱেশ সুৰক্ষা, পৰিয়াল জ্ঞান, সামাজিক সম্প্ৰীতি আৰু আত্মাক সচেতন কৰি তোলাৰ লক্ষ্যৰ এখন সামাজিক সম্প্ৰীতি সভাৰ আয়োজন কৰা হৈছে । এই বৈঠকত ইন্দোৰ আৰু উজ্জয়িনী সংমণ্ডলৰ ১৫খন জিলাৰ পৰা ৩০০ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব । এই সভাত ডা০ ভাগৱতে পঞ্চ পৰিৱৰ্তন স্বদেশী জীৱনশৈলী, পাৰিবাৰিক জ্ঞান, পৰিবেশ, নাগৰিক অনুশাসন, সম্প্ৰীতি আদি বিষয়ৰ ওপৰত দিহা-পৰামৰ্শ আগবঢ়াব। সমাজৰ কৰ্মীসকলেও এই বিষয়সমূহৰ ওপৰত তেওঁলোকৰ কামৰ সবিশেষ দাঙি ধৰিব।

মালৱা প্ৰদেশৰ সামাজিক সমন্বয়ৰ আহ্বায়ক দীনেশ গুপ্তাই কয় যে এই সমন্বয় সভাখন তিনিটা অধিবেশনত অনুষ্ঠিত হ’ব। প্ৰতিটো অধিবেশন ৯০ মিনিটৰ হ’ব। প্ৰথম অধিবেশনত নিৰ্বাচিত শ্ৰেণীয়ে তেওঁলোকৰ কামৰ হিচাপ ৰাখিব। ইয়াৰ লগতে ইয়াৰ প্ৰভাৱৰ তথ্যও ভাগ-বতৰা কৰা হ’ব। দ্বিতীয় অধিবেশন হ’ব দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পিছত। ইয়াৰ বাবে প্ৰতিনিধিসকলৰ সভাৰ ব্যৱস্থা সংঘৰ বিভাগ অনুসৰি ৰখা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে পাৰস্পৰিক সমন্বয় আৰু আলোচনা আৰু ইজনে সিজনৰ লগত পৰিচয় বৃদ্ধি কৰা। শেষ অধিবেশনত সৰসংঘচালকগৰাকীয়ে ভাষণ দিব। ইয়াত তেওঁ পঞ্চ পৰিৱৰ্তনৰ জৰিয়তে ৰাষ্ট্ৰ গঠনৰ বাবে আত্ম জাগৰণ সম্পৰ্কে সম্বোধন কৰিব। ইয়াৰ লগতে আগন্তুক কাৰ্য্য পৰিকল্পনাও চূড়ান্ত কৰা হ’ব।

সভাৰ অন্তত ইন্দোৰত ৯৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ থকা শ্ৰী গুৰুজী সেৱা ন্যাস মাধৱ সৃষ্টিৰ কৰ্কট যত্ন কেন্দ্ৰ উদ্বোধন কৰিব সৰসংঘচালক ডাঃ ভাগৱতে। এই প্ৰকল্পটো দুটা পৰ্যায়ত প্ৰস্তুত কৰা হৈছে। প্রথম পর্যায়ত প্রায় ২৬ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কাম সম্পূর্ণ হৈছে ৷ ইয়াৰ ভিতৰত আছে দুটা বেছমেণ্ট, তলৰ মহলা আৰু তিনিটা মহলা নিৰ্মাণ। আজি এই প্ৰথম পৰ্যায়ৰ শুভাৰম্ভ কৰা হ’ব। একে সময়তে দ্বিতীয় পৰ্যায়ত উচ্চ প্ৰযুক্তিৰ যন্ত্ৰপাতি আৰু অন্যান্য মহলা নিৰ্মাণ কৰা হ’ব। এই সমগ্ৰ প্ৰকল্পটো জনসাধাৰণৰ অংশগ্ৰহণেৰে নিৰ্মাণ কৰা হৈছে। ইয়াত কোম্পানীসমূহে চি এছ আৰৰ অধীনত দান দিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

আজিৰে পৰা প্ৰধানমন্ত্ৰী মোডীৰ দুদিনীয়া তামিলনাডু ভ্ৰমণ, ঐতিহাসিক মন্দিৰ কৰিব পৰিদৰ্শন
দেশৰ পঞ্চদশ উপ-ৰাষ্ট্ৰপতি হিচাপে চি পি ৰাধাকৃষ্ণণৰ শপত গ্ৰহণ
সংঘৰ জ্যেষ্ঠ প্ৰচাৰক বালকৃষ্ণ ত্ৰিপাঠীৰ দেহাৱসান | BulletsIn
এছ চি অ’ শীৰ্ষ সন্মিলনৰ বাবে পাকিস্তানত উপস্থিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ | BulletsIn
ভাৰতী এয়াৰটেল ভাৰতৰ দ্বিতীয় সবাতোকৈ মূল্যৱান কোম্পানী হিচাপে পৰিগণিত হৈছে।

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article শিক্ষা আইনৰ প্ৰতিবাদত দেশজোৰা ধৰ্মঘটৰ হুংকাৰ নেপালৰ ব্যক্তিগত বিদ্যালয়সমূহৰ
Next Article শিৱসাগৰত জাতীয় জনগোষ্ঠীয় সংগঠনৰ মত-বিনিময় অনুষ্ঠান
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?