
নতুন দিল্লী, ২৭ আগষ্ট (হি.স.)। ভাৰতীয় সামগ্ৰীৰ ওপৰত আমেৰিকাই আৰোপ কৰা ৫০ শতাংশ শুল্ক আজিৰে পৰা কাৰ্যকৰী হ’ব। ভাৰতৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে ট্ৰাম্প প্ৰশাসনে। ইতিমধ্যে আমেৰিকাই ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছিল, যিটো ৭ আগষ্টৰ পৰা কাৰ্যকৰী হৈছে। ২৭ আগষ্টৰ পৰা ভাৰতৰ ওপৰত মুঠ ৫০ শতাংশ আমেৰিকা শুল্ক আৰোপ কৰা হ’ব। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ ৪৮ বিলিয়ন ডলাৰৰ ৰপ্তানিৰ ওপৰত পৰিব বুলি আশংকা কৰা হৈছে।
ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত ২৫ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে। ট্ৰাম্পৰ বাৰে বাৰে দিয়া ভাবুকিৰ সন্মুখত ভাৰতে নতশিৰ নকৰি ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি থাকিল। এই কাৰণেই আমেৰিকাই ২৭ আগষ্টৰ পৰা ৫০ শতাংশ শুল্ক আৰোপ কৰিছে। আমেৰিকাৰ ৫০ শতাংশ শুল্কৰ বাবে বস্ত্ৰ, ৰত্ন আৰু গহণা, চামৰা আৰু জোতাৰ ৰপ্তানি প্ৰভাৱিত হ’ব পাৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
