নতুন দিল্লী, ৩০ জুলাই (হি.স.)। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো) আৰু আমেৰিকান মহাকাশ গৱেষণা সংস্থা নাছাৰ উপগ্ৰহ ‘নিছাৰ’ আজি সন্ধিয়া শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হ’ব। আজি সন্ধিয়া ৫:৪০ বজাত ইছৰোৰ ‘জিঅ’চিংক্ৰ’নাছ চেটেলাইট লঞ্চ ভেহিকেল’ (জিএছএলভি)য়ে নাছা-ইছৰোৰ ‘চিন্থেটিক এপাৰচাৰ ৰাডাৰ’ (নিছাৰ) উপগ্ৰহটোক সূৰ্য্যৰ সমন্বয় মেৰু কক্ষপথলৈ প্ৰেৰণ কৰিব। এই উপগ্ৰহটো ৭৪০ কিলোমিটাৰ উচ্চতাত স্থাপন কৰা হ’ব। ই এক অত্যাধুনিক ৰাডাৰ উপগ্ৰহ, যিয়ে ডাৱৰ আৰু বৰষুণৰ মাজতো ২৪ ঘণ্টাই পৃথিৱীৰ ফটো তুলিব পাৰে।
বুধবাৰে ইছৰ’ই টুইট কৰি কয় যে জিএছএলভি-এফ১৬ৰ পৰা নিছাৰ উৎক্ষেপণ কৰিবলৈ মাত্ৰ কিছু সময় বাকী আছে। নিছাৰক কক্ষপথলৈ লৈ যাবলৈ সাজু হৈছে জিএছএলভি -এফ ১৬ (GSLV-F16) ৰকেট। চূড়ান্ত প্ৰস্তুতি চলি আছে আৰু আৰম্ভ হৈছে উৎক্ষেপণৰ কাউণ্টডাউন। আজি সন্ধিয়া ৫.৪০ বজাত নিছাৰ উৎক্ষেপণ কৰা হ’ব। ইছৰ’ই নিজৰ টুইটাৰ হেণ্ডেলত এই লঞ্চ লাইভ সম্প্ৰচাৰ কৰিব। ইয়াৰ সমান্তৰালকৈ এই অনুষ্ঠানৰ লাইভ টেলিকাষ্ট চাবলৈ চি এছ আই আৰৰ হলত আয়োজন কৰা অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিং উপস্থিত থাকিব।
নিছাৰ উপগ্ৰহৰ বিশেষ কথাটো হ’ল ইয়াৰ সহায়ত পৃথিৱীৰ প্ৰতিটো ইঞ্চিৰ ওপৰত চকু ৰখা সম্ভৱ হ’ব। ইয়াৰ উদ্দেশ্য হৈছে বানপানী, হিমবাহ, উপকূলীয় খহনীয়া (উপকূলীয় অঞ্চলত খহনীয়া) আদি প্ৰাকৃতিক পৰিঘটনাৰ ওপৰত চকু ৰখা আৰু ইয়াৰ বিষয়ে আগতীয়াকৈ তথ্য দিয়া, কিন্তু ই শত্ৰু দেশৰ কাৰ্যকলাপৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰখাত সহায় কৰিব। এই উপগ্ৰহটোৱে ভূমিস্খলন, দুৰ্যোগ ব্যৱস্থাপনা আৰু জলবায়ু পৰিৱৰ্তন নিৰীক্ষণত সহায় কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
