ভূপাল, ১১ নৱেম্বৰ (হি.স.)। মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে আজি (শনিবাৰে) ভাৰতীয় জনতা পাৰ্টিৰ সংকল্প পত্ৰ (ইস্তাহাৰ) প্ৰকাশ কৰিব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই এই সংকল্প পত্ৰ জাৰি কৰিব । এই উপলক্ষে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, ইস্তাহাৰ সমিতিৰ অধ্যক্ষ জয়ন্ত মালাইয়া, ৰাজ্যিক সভাপতি ভি ডি শৰ্মা, নিৰ্বাচন পৰিচালনা সমিতিৰ অধ্যক্ষ নৰেন্দ্ৰ সিং টোমাৰ বিশেষভাৱে উপস্থিত থাকিব।
বিজেপিৰ কাৰ্যালয়ৰ তথ্য অনুসৰি, দিনৰ ১:১৫ বজাত ভূপালৰ মিণ্টো হলত আয়োজন কৰা এক কাৰ্যসূচীত দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই দলৰ ইস্তাহাৰ প্ৰকাশ কৰিব। বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ পংকজ চতুৰ্বেদীয়ে কয় যে এই ইস্তাহাৰত মহিলা আৰু যুৱক-যুৱতীসকলৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। ইয়াৰ ভিতৰত শিক্ষা, স্বাস্থ্য সুৰক্ষা আৰু কৰ্মসংস্থাপনৰ নিশ্চয়তাৰ প্ৰতিশ্ৰুতিও থাকিব।
আচলতে কংগ্ৰেছে ইতিমধ্যে প্ৰকাশ কৰিছে প্ৰতিশ্ৰুতিপত্ৰ। কংগ্ৰেছে প্ৰতিশ্ৰুতি পত্ৰত ৯০০ৰো অধিক প্ৰতিশ্ৰুতি দিছে। ইয়াৰ ভিতৰত কৃষকক ঘেঁহুৰ ওপৰত ২৫০০ টকাৰ এম এছ পি দিয়াৰ প্ৰতিশ্ৰুতিও দিয়া হৈছে। ইয়াক ৩ হাজাৰ টকা পৰ্যন্ত কৰাৰো কথা কোৱা হৈছে। একে সময়তে কংগ্ৰেছে নিজৰ ইস্তাহাৰত কৃষক, মহিলা, যুৱক-যুৱতী, চৰকাৰী কৰ্মচাৰী, পৰিয়াল, আস্থা আৰু বিশ্বাস, সামাজিক ন্যায়ৰ সাতটা বিষয় সন্নিবিষ্ট কৰিছে।
ইফালে বিজেপি নেতাসকলে সংকল্প পত্ৰখন কংগ্ৰেছৰ প্ৰতিশ্ৰুতি পত্ৰৰ উত্তৰ বুলি অভিহিত কৰিছে। এই সংকল্প পত্ৰ দিল্লীৰ কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশনাত প্ৰস্তুত কৰা হৈছে। বিজেপিয়ে এমাহ ধৰি ইস্তাহাৰ সমিতিৰ জৰিয়তে সমাজৰ বিভিন্ন শ্ৰেণীৰ পৰা পৰামৰ্শ লৈছিল। বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ সময়তো পৰামৰ্শ সংগ্ৰহৰ বাবে বেলট বাকচ স্থাপন কৰা হয়। প্রাক্তন বিত্তমন্ত্রী জয়ন্ত মলাইয়া, প্রভাত ঝা, দুই অৱসৰপ্রাপ্ত আই এ এছ বিষয়া কবিন্দ্র কিয়াৱট, এছ এন এছ চৌহানকে ধৰি বিজেপিৰ জ্যেষ্ঠ নেতাসকলে সংকল্প পত্ৰ প্রস্তুত কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে ৷
হিন্দুস্থান সমাচাৰ/মুকেশ/মনোজ/অৰবিন্দ
