পাটনা, ০৬ নৱেম্বৰ (হি,স,)। বিহাৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আজি গ্ৰহণ কৰা হৈছে। ১৮খন জিলাৰ ১২১খন বিধানসভা আসনত ভোটগ্ৰহণ কৰা হ’ব। ইভিএমত বহু বিশিষ্ট ব্যক্তিৰ ভাগ্য ছীল কৰা হ’ব। এই প্রথম পর্যায়তে তেজস্বী যাদৱ, তেজ প্রতাপ যাদৱ, অনন্ত সিং, মৈথিলী ঠাকুৰ, উপ-মুখ্যমন্ত্রী সম্প্রত চৌধুৰী, উপ-মুখ্যমন্ত্রী বিজয় সিনহাকে ধৰি নীতিশ কুমাৰ চৰকাৰৰ ১৬জন মন্ত্রীৰ ভাগ্য নিৰ্ণয় কৰা হ’ব৷
পাটনা চাহাব বিধানসভা সমষ্টিৰ ৪১০টা ভোটগ্ৰহণ কেন্দ্ৰত কটকটীয়া নিৰাপত্তাৰ মাজতে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। মহকুমা এলেকাত ৬৫টা গোলাপী ৰঙৰ বুথ আৰু ৫টা মডেল বুথ স্থাপন কৰা হৈছে। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। এই পৰ্যায়ত ১৮খন জিলাৰ ১২১খন আসনত ভোটগ্ৰহণ কৰা হ’ব। ইয়াৰ লগে লগে ইভিএমত মুঠ ১৩১৪জন প্ৰাৰ্থীৰ ভাগ্য ছীল কৰা হ’ব।
উল্লেখ্য যে ২৪৩ জনীয়া বিহাৰ বিধানসভাৰ দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন। ৰাজ্যখনত প্ৰথম পৰ্যায়ত (৬ নৱেম্বৰ, ২০২৫) ১২১খন বিধানসভাৰ আসনৰ ভোট গ্ৰহণ কৰা হ’ব। ইফালে দ্বিতীয় পৰ্যায়ত ১১ নৱেম্বৰত ১২২ খন বিধানসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব। আনহাতে ১৪ নৱেম্বৰত বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা হ’ব। ইয়াৰ লগে লগে ১৬ নৱেম্বৰত নিৰ্বাচনী প্ৰক্ৰিয়া সমাপ্ত হ’ব।
हिन्दुस्थान समाचार / অৰৱিন্দ
