• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > অসম আৰক্ষীৰ জালত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা, ১৪ দিনৰ চি আই ডি জিম্মালৈ প্ৰেৰণ
National

অসম আৰক্ষীৰ জালত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা, ১৪ দিনৰ চি আই ডি জিম্মালৈ প্ৰেৰণ

CliQ INDIA
Last updated: October 1, 2025 9:20 pm
CliQ INDIA
Share
3 Min Read
SHARE

গুৱাহাটী, ০১ অক্টোবৰ (হি.স.)। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ১৩ দিনৰ পাছত নাটকীয়ভাৱে গ্ৰেপ্তাৰ হৈছে অন্যতম অভিযুক্ত শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰে নাম সাঙোৰ খাইছিল দুয়োজনৰ। আৰক্ষীয়ে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বিমান বন্দৰৰ পৰা গীতানগৰ থানালৈ লৈ অনাৰ পিছত চিজেএমৰ বাসগৃহলৈ লৈ যোৱা হয়। দুৰ্গা পূজাৰ বাবে বন্ধ আছে আদালত।সেইবাবেই চিজেএমৰ বাসগৃহলৈ নিয়া হয় দুই অভিযুক্তক। ইফালে মুখ্য ন্যায়িক দণ্ডাধীশে ১৪দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে দুয়োকে।

উল্লেখ্য যে দিল্লী বিমান বন্দৰৰ পৰা গ্রেপ্তাৰ কৰা হৈছিল শ্যামকানু মহন্তক। যোৱা কালি নিশা ১২.৩০ বজাত নাটকীয়ভাৱে দিল্লী বিমান বন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় শ্যামকানু মহন্তক। অনুৰূপ ধৰণে জুবিন গাৰ্গৰ অপমৃত্যুৰে নাম সাঙোৰ খাই পৰা সিদ্ধাৰ্থ শৰ্মাকো ১ অক্টোবৰৰ পুৱতি নিশা ৰাজস্থানৰ পৰা দিল্লীলৈ আহি থকা পথত গুৰগাঁৱৰ এখন ট্ৰোলগেটৰ সমীপত গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে।

দুয়োটা খবৰে জুবিনপ্ৰেমী আৰু তেওঁৰ মৃত্যুৰ ন্যায় বিচৰা সকলৰ বাবে আছিল এটা ভাল লগা খবৰ। ইমান দিনে ইয়াকে বিচাৰি আছিল জুবিনৰ মৃত্যুত ম্ৰিয়ম্মান হৈ পৰা লাখ লাখ জনতাই। তাৰ পাছত এয়াৰ ইণ্ডিয়াৰ আইএক্স১১৯৭ নম্বৰৰ বিমানখনেৰে দুয়োকে গুৱাহাটীলৈ লৈ অনা হয়। দিল্লী বিমান বন্দৰৰ টাৰ্মিনেল ৩ ৰ পৰা পুৱা ৪.৩৯ মিনিটত টেক অফ কৰা বিমান খনে বৰঝাৰ বিমান বন্দৰত ১ অক্টোবৰ ২০২৫ ৰ পুৱা ৬.৩৭ ত অৱতৰণ কৰিছিল। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰ্জাতিক বিমান বন্দৰৰ সমুখত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছিল।

আৰক্ষীৰ এটা দলে দুয়োকে আৰক্ষী, চিআৰপিএফ বাহিনীৰ নিৰাপত্তা বেষ্টনীৰ মাজত লৈ এক বিশাল কনভয়ৰে বিমান বন্দৰৰ ভিতৰৰ পৰা কাৰ্গো গেটেৰে বাহিৰ উলিয়াই পোনে পোনে গীতা নগৰলৈ লৈ আহিছিল। গীতা নগৰত অল্পনা এপাৰ্টমেন্টত থকা চিজিএমৰ বাসগৃহত দুয়োকে পুৱাই হাজিৰ কৰোৱা হয়।

আদালতৰ পূজা বন্ধৰ বাবে দুই অভিযুক্তক এনেদৰে হাজিৰ কৰাই য়ে উলুবাৰীৰ মুখ্য কাৰ্যালয়লৈ লৈ যায়। বিমান বন্দৰৰ পৰা অনা সময়ত দুয়োৰে হাতত কোনো হেণ্ডকাফ নাছিল যদিও আদালতত হাজিৰ কৰা পাছত দুয়োজনৰ হাতত পিন্ধাই দিয়া হৈছিল হেণ্ডকাফ।

লক্ষ্যণীয়ভাৱে, হেণ্ডকাফ পিন্ধাই লৈ যোৱা আলোকচিত্ৰ, চি আই ডি মুখ্য কাৰ্যালয়ৰ লকআপৰ ভিতৰত দুয়োকে ৰখোৱা আলোকচিত্ৰ ভাইৰেল হৈ পৰে। সংবাদ মাধ্যমৰ হাতত এনেদৰে এই আলোকচিত্ৰ তুলি দি হয়তো দুয়োৰ প্ৰতি ৰাইজৰ থকা ক্ষোভ উপশম তথা আৰক্ষী বা চৰকাৰ কিমান কঠোৰ হৈছে তাক প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

কেন্দ্রীয় চৰকাৰী কৰ্মচাৰী সংগঠনে দেহা বৃদ্ধি বিলম্বনক জাতীয় পৰ্যায়ে বিক্ষোভের সূচনা কৰেছে
চতুৰ্থ পৰ্যায়ৰ সাধাৰণ নিৰ্বাচনৰ অধিসূচনা জাৰি
বিহাৰত ভোটাৰ তালিকাত দুগৰাকী পাকিস্তানী মহিলাৰ নাম, গৃহ মন্ত্ৰালয়ৰ নাম আঁতৰোৱাৰ নিৰ্দেশ
কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে উদ্বোধন কৰিলে আইআইএছএফ ২০২৪ | BulletsIn
ধৰালী দুৰ্যোগঃ মুখ্যমন্ত্ৰী ধামীৰ সাহায্যৰ কাম ক্ষিপ্ৰতাৰে নিৰ্দেশ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article (আপডেট) ফিলিপাইনছত ভূমিকম্পৰ বিধ্বংসী ৰূপ ধাৰণ, এতিয়ালৈকে ৬৯ জন লোকৰ মৃত্যু
Next Article গৌৰীপুৰত পূজাৰ প্ৰাগমূহুৰ্তত ভয়ংকৰ পথ দুৰ্ঘটনা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?