প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শপতগ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী আৰক্ষীয়ে অভূতপূৰ্ব নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ আৰম্ভ কৰিছে। কাইলৈ আৰু তাৰ পিছদিনা (০৯ আৰু ১০ জুন)ৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীক ‘ন’ ফ্লাই জ’ন’ হিচাপে ঘোষণা কৰি নিষেধাজ্ঞা জাৰি কৰা হৈছে। শুকুৰবাৰে দিল্লী আৰক্ষী আয়ুক্ত সঞ্জয় অৰোৰাই এই সন্দৰ্ভত এক নিৰ্দেশ জাৰি কৰে। দেওবাৰে সন্ধিয়া ৭:১৫ বজাত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব মোদীয়ে। এই উপলক্ষে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও মন্ত্ৰী পৰিষদৰ একাংশ সদস্যক পদৰ শপত আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰিব।
BulletsIn
- রাষ্ট্ৰপতি ভৱনৰ সুৰক্ষাৰ বাবে অৰ্ধসামৰিক বাহিনী, নেশ্যনেল ছিকিউৰিটি গাৰ্ডৰ কমাণ্ডো, ড্ৰোন আৰু স্নাইপাৰৰ পাঁচটা কোম্পানী নিয়োগ কৰা হ’ব।
- বাহিৰৰ পৰিধিত নিয়োগ কৰা হ’ব দিল্লী আৰক্ষীৰ জোৱান।
- অৰ্ধসামৰিক বাহিনীৰ জোৱান আৰু ৰাষ্ট্ৰপতি ভৱনৰ আভ্যন্তৰীণ নিৰাপত্তাৰক্ষীক ভিতৰুৱা চক্ৰত নিয়োগ কৰা হ’ব।
- মোদীৰ শপতগ্ৰহণৰ বাবে দিল্লীৰ হোটেলক নিৰাপত্তাৰ বেহুত সামৰি লৈছে।
- শপতগ্ৰহণৰ দিনা ৰাষ্ট্ৰপতি ভৱনৰ লগতে বিভিন্ন গুৰুত্বপূৰ্ণ স্থানৰ আশে-পাশে দিল্লী আৰক্ষীৰ স্বাট আৰু এন এছ জি কমাণ্ডো মোতায়েন কৰা হ’ব।
- বিভিন্ন পথ বন্ধ হ’ব পাৰে বা ৰাতিপুৱাৰ পৰাই যাতায়তৰ পৰিৱৰ্তন হ’ব পাৰে বুলি বিষয়াসকলে কয়।
- মোদীয়ে তৃতীয় শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
- লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে ২৯৩খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰিছে।
