গুৱাহাটী, । কাইলৈ এদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এদিনীয়া কাৰ্য্যসূচীৰে অসমলৈ আহিব।
অসমত কেইবাটাও কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰীগৰাকী। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে বিজেপি আৰু অগপৰ যৌথ উদ্যোগত বৰপেটা পৌৰসভা খেলপথাৰত অনুষ্ঠিত হবলগীয়া এক বিশাল জনসভাতো অংশগ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে তেওঁ বৰপেটা সত্ৰত উপস্থিত হৈ গুৰুজনাৰ চৰণত সেৱা জনাব। আনহাতে দিনটোৰ শেষভাগলৈ তেওঁ কোকৰাঝাৰতো এক বিশাল জনসভাত অংশগ্ৰহণ কৰিব। ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ কিশোৰ উপাধ্যায়ে আজি এক সংবাদমেলত এই তথ্য সদৰী কৰে।
