নতুন দিল্লী, ০২ ফেব্ৰুৱাৰী : অহা ৩ আৰু ৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উৰিষ্যা আৰু অসম ভ্ৰমণ কৰিব।
শুকুৰবাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে দিয়া তথ্য অনুসৰি অহা ৩ ফেব্ৰুৱাৰীত দিনৰ প্ৰায় ২ বজাত ওড়িশাৰ সম্বলপুৰত ৰাজহুৱা কাৰ্যসূচীৰ জৰিয়তে ৬৮ হাজাৰ কোটিতকৈ অধিক মূল্যৰ কেইবাটাও আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে অসম ভ্ৰমণ কৰিব।
অহা ৪ ফেব্ৰুৱাৰীৰ পুৱা গুৱাহাটীত ৰাজহুৱা কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ১১ হাজাৰ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক কামৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শক্তি খণ্ডক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে কেইবাটাও প্ৰকল্প উদ্বোধন , দেশৰ প্ৰতি উৎসৰ্গিত কৰাৰ বাবে উৰিষ্যাৰ সম্বলপুৰত এক ৰাজহুৱা অনুষ্ঠানত আধাৰশিলা স্থাপন কৰা হ’ব।
