• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > সৰুসজাইত বৰ্ণময় পৰিৱেশত ‘চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ-২০২৩ অষ্টলক্ষ্মী’ৰ শুভ উদ্বোধন
National

সৰুসজাইত বৰ্ণময় পৰিৱেশত ‘চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ-২০২৩ অষ্টলক্ষ্মী’ৰ শুভ উদ্বোধন

CliQ INDIA
Last updated: February 20, 2024 10:45 am
CliQ INDIA
Share
6 Min Read
SHARE

–ভাৰতত ক্ৰীড়া বিপ্লৱৰ পথ প্ৰশস্ত হৈছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

–বিকশিত ভাৰতৰ সপোন পূৰ্ণ কৰিবলৈ ক্ৰীড়া উত্তৰণতো গুৰুত্ব দিছে অসমেঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা

–২০৩৬ ৰ অলিম্পিকত ভাৰতে শীৰ্ষ দহত স্থান লাভৰ লক্ষ্য নিৰ্ধাৰণ কৰিছেঃকেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী অনুৰাগ সিং ঠাকুৰ

গুৱাহাটী, ১৯ ফেব্ৰুৱাৰী :  কৃষ্টি, ঐতিহ্য, পৰম্পৰা আৰু গ্লেমাৰৰ প্ৰয়োভৰ ঘটাই অসমত অনুষ্ঠিত হোৱা ‘চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ-২০২৩ অষ্টলক্ষ্মী’ৰ আজি গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় ৷ আলোকৰ মায়াময় তথা নৃত্য-গীতৰ বৰ্ণময় উদ্বোধনী অনুষ্ঠানত চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ আনুষ্ঠানিকভাবে উদ্বোধন কৰি অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই প্ৰতিযোগিতাই দেশৰ লগতে উত্তৰ-পূৱৰ ভাতৃত্ব আৰু বন্ধুত্বৰ সম্পৰ্কতো সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিব ৷ তেওঁ লগতে কয় যে অসমে যোৱা দুই দহক ধৰি ৰাজ্যত ধাৰাবহিকভাবে সফলতাৰে ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক ক্ৰীড়া প্ৰতিযোগিতা অয়োজন কৰি আহিছে ৷ প্ৰথমবাৰৰ বাবে খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ আয়োজন কৰি অসমে আন এক গৌৰৱ লাভ কৰিলে৷

ইফালে, অসমৰ ক্ৰীড়া আন্তঃগাঁথনিত ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় ‘আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিকশিত ভাৰতৰ সপোন পূৰ্ণ কৰিবলৈ অন্য দিশৰ লগতে ক্ৰীড়া উত্তৰণতো সমানে গুৰুত্ব দিছো ৷ গুৱাহাটীত দুখনকৈ নতুন বিশ্ব মানদণ্ডৰ ষ্টেডিয়াম নিৰ্মান কৰাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে পাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগতে প্ৰতিখন জিলাতে ক্ৰীড়া প্ৰকল্প নিৰ্মান কৰাৰ কামো তীব্ৰ গতিত আগবাঢ়িছে ৷’ ২০২৫-চনত অসমে দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়া আয়োজন কৰিবলৈ সাজু হোৱাৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে৷

ইফালে, অনুষ্ঠানত এক ভিডিঅ’ বাৰ্তাৰে সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে ৷ ‘খেলো ইণ্ডিয়াৰ তৃণমূল পৰ্যায়ৰ কাৰ্যসূচীৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয় গেমছলৈকে আমি যুৱ খেলুৱৈসকলৰ বাবে সুযোগৰ এক শক্তিশালী পৰিৱেশ দেশত সৃষ্টি কৰিছো৷ বিশ্বমানৰ প্ৰশিক্ষণৰ সুবিধা, বৃত্তি আৰু খেলৰ পৰিৱেশে এতিয়া ভাৰতত ক্ৰীড়া বিপ্লৱৰ পথ প্ৰশস্ত কৰিছে ৷ আমি কেৱল অলিম্পিক চেম্পিয়ন বিচৰা নাই৷ অৱশ্যে আমি নিশ্চিতভাৱে তেওঁলোকৰ জয়ৰ সপোন দেখিছো ৷ আমি এনে এখন দেশ গঢ়ি তুলিছো য’ত প্ৰতিটো শিশুৱে ক্ৰীড়াৰ আনন্দ অনুভৱ কৰাৰ লগতে সুস্থ জীৱনশৈলী আকোৱালি লোৱাৰ আৰু ভাৰতৰ বিশ্বব্যাপী ক্ৰীড়া শক্তিৰ উত্থানত অৰিহণা যোগোৱাৰ সুযোগ পায়৷’ প্ৰধানমন্ত্ৰী মোদী কয় ৷

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে কয় যে ২০৩৬ চনৰ অলিম্পিক গেমছত ভাৰতে শীৰ্ষ দহখন দেশৰ ভিতৰত স্থান লাভৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰ চৰকাৰে আসন্ন ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ বাবে দেশৰ খেলুৱৈৰ উন্নত প্ৰস্তুতি তথা খেলুৱৈসকলক তেওঁলোকৰ সপোন আৰু উচ্ছাকাংক্ষা পূৰণৰ বাবে প্ৰয়োজনীয় সকলো সহায় আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলিও ভাষণত ব্যক্ত কৰে ৷

খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ ইতিবাচক প্ৰভাৱ এফ আই এছ ইউ বিশ্ব বিশ্ববিদ্যালয় গেমছত ভাৰতৰ উন্নত প্ৰদৰ্শনত প্ৰতিফলিত হোৱাৰ কথা উল্লেখ কৰি মন্ত্ৰী ঠাকুৰে কয় যে যোৱা বছৰ চীনৰ চেংডুত হোৱা বিশ্ব বিশ্ববিদ্যালয় গেমছত ভাৰতে সৰ্বাধিক পদক লাভ কৰি ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে৷ প্ৰতিযোগিতাত ভাৰতে ১১ টা স্বৰ্ণ, পাঁচটা ৰূপ আৰু ১০টা ব্ৰঞ্জসহ মুঠ চ্ছটা পদক লাভ কৰি তলিকাৰ সপ্তম স্থান দখল কৰিছিল৷ এয়া ভাৰতৰ এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ স্থান দখল কৰাৰ সফলতা৷ ইয়াৰপূৰ্বে ভাৰতে ২০১৯ আৰু ২০১৫ চনৰ এফ আই এছ ইউ বিশ্ব বিশ্ববিদ্যালয় গেমছত মাত্ৰ চাৰিটা পদক আৰু পাঁচটা পদকহে লাভ কৰিছিল৷

বছৰ বছৰ ধৰি কৰি অহা অধ্যয়নত দেখা গৈছে যে বিশ্ববিদ্যালয়ৰ পৰ্যায়তহে খেলুৱৈসকলে নিজৰ ক্ৰীড়াৰ উৎকৃষ্টতাৰ শিখৰত উপনীত হয়৷ পৰিসংখ্যাই প্ৰতিপন্ন কৰাৰ ধৰণে ভাৰতীয় খেলুৱৈসকলেও এই দিশটোৱে প্ৰতিফলিত কৰিছে৷ চণ্ডীগড় বিশ্ববিদ্যালয়ৰ দুগৰাকী ছাত্ৰী সবিতা দলাল আৰু অন্তিম কুণ্ডুৱে ২০২৩ চনৰ আগষ্ট মাহত জৰ্ডানত হোৱা ২০ বছৰ অনূধ্বৰ্ বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপত পদক লাভ কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰতিভাৰ চমক দি সমগ্ৰ দেশক গৌৰৱান্বিত কৰে৷

ইফালে, খেলুৱৈসকলক লালন-পালন কৰাত বিশ্ববিদ্যালয়ৰ খেলৰ ভূমিকা সন্দৰ্ভত ক্ৰীড়ামন্ত্ৰী ঠাকুৰে কয় ‘ যেতিয়া আমি পৃথিৱীৰ আটাইতকৈ বৃহৎ ক্ৰীড়া প্ৰতিযোগিতা অলিম্পিকৰ কথা কওঁ, তেতিয়া বিশ্ববিদ্যালয়সমূহে অলিম্পিকক ইয়াৰ কেন্দ্ৰীয় প্ৰদৰ্শনকাৰী হিচাপে খেলুৱৈসকলক আগুৱাই দিয়াত এক বৃহৎ ভূমিকা পালন কৰে৷ ২০০৪ চনৰ এথেন্স অলিম্পিকত গ্ৰেট ব্ৰিটেইন দলৰ ৫২ শতাংশই বিশ্ববিদ্যালয়ত পঢ়ি থকা আছিল ৷ দেশৰ প্ৰায় ৭০খন বিশ্ববিদ্যালয়ৰ পৰা আহিছিল এই খেলুৱৈসকল৷ আনহাতে, আমেৰিকাৰ দলটোত প্ৰায় ৮০ শতাংশই মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত অধ্যয়নৰত আছিল৷ বিশ্ববিদ্যালয়সমূহে কেৱল খেলুৱৈ সৃষ্টি কৰাই নহয়, সফল ক্ৰীড়া প্ৰতিযোগিতাৰ অন্যতম অংগ প্ৰশিক্ষক, বিশেষজ্ঞ আৰু ক্ৰীড়া চিকিৎসা বিষয়াৰ দিশতো দায়বদ্ধ৷ মই অতিশয় সুখী যে ভাৰতত এতিয়া বিভিন্ন বিশ্ববিদ্যালয় আছে, যিবোৰে ক্ৰীড়াক বিশেষভাবে অগ্ৰাধিকাৰ দিছে তথা¸ ক্ৰীড়া আৰু শিক্ষাৰ মাজত সঠিক ভাৰসাম্য ৰক্ষা কৰিছে৷ নতুন শিক্ষা নীতিৰ জৰিয়তে আমি ক্ৰীড়াক বিদ্যালয়ৰ পাঠ্যক্ৰমতো সফলতাৰে সন্নিবিষ্ট কৰিছো ৷’

অনুষ্ঠানত গেমছৰ শিখা ২০১৯ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক বিজয়ী বক্সাৰ যমুনা বড়োৱে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰে৷ আনহাতে, খেলুৱৈসকলৰ হৈ শপত গ্ৰহণ কৰে অসমৰ আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন খেলুৱৈ সুৰজ গোৱালাই ৷ বৰ্ণিল মুকলি অনুষ্ঠানত গীত পৰিবেশন কৰি পৰিবেশ ৰমনীয় কৰি তোলে অসমৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠিত কণ্ঠশিল্পী পাপন অংগৰাগ মহন্তই ৷ আজিৰ অনুষ্ঠানত অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নন্দিতা গৰ্লোছাৰ লগতে অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, ৰণজিৎ দাস, জয়ন্তমল্ল বৰুৱা, ইউ জি ব্ৰহ্ম তথা ত্ৰিপুৰা আৰু মিজোৰামৰ ক্ৰীড়ামন্ত্ৰীৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

You Might Also Like

শ্ৰীৰাম মন্দিৰৰ পৰা ৰাষ্ট্ৰীয় পুনৰত্থানৰ দিশে ভাৰতবৰ্ষ, সংঘৰ অখিল ভাৰতীয় প্ৰতিনিধি সভাৰ প্ৰস্তাৱ
ঘূর্ণি মিচঙৰ ফলত তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশৰ জনজীৱন ব্যাহত, আজি দক্ষিণ উপকূল কৰিব অতিক্ৰম
ঘন কুঁৱলীয়ে আৱৰিছে দিল্লী-এনচিআৰৰ বায়ুমণ্ডল
পতঞ্জলি বিশ্ববিদ্যালয়, গৱেষণা প্ৰতিষ্ঠান আৰু অন্ধ্ৰ কেন্দ্ৰীয় জনজাতি বিশ্ববিদ্যালয়ৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তি
অপাৰেচন অজয়ঃ ইজৰাইলৰ পৰা ২৭৪ জন ভাৰতীয়ক লৈ চতুৰ্থখন বিমান নতুন দিল্লীত উপস্থিত

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article কোকৰাঝাৰ আৰু দৰং-ওদালগুৰি সমষ্টিত জাতীয়তাবাদী চেতনা থকা প্ৰাৰ্থীক সমৰ্থন দিব এবছুই
Next Article ৰাহুল গান্ধী সহ কংগ্ৰেছৰ ১০ গৰাকী নেতালৈ অসম চিআইডিৰ চমন জাৰি
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?