নতুন দিল্লী, ১৪ ফেব্ৰুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুলৱামা আক্ৰমণৰ বৰ্ষপূৰ্তি উপলক্ষে শ্বহীদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনাইছে। আজি (বুধবাৰে) আক্ৰমণৰ বাৰ্ষিকী উপলক্ষে তেওঁৰ এক্স হেণ্ডেলত তেওঁ কয় যে পুলৱামাৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাইছো। আমাৰ ৰাষ্ট্ৰৰ বাবে তেওঁলোকৰ সেৱা আৰু ত্যাগ সদায় স্মৰণীয় হৈ থাকিব।
উল্লেখযোগ্য যে, ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ পুলৱামাত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ আজি পাঁচ বছৰ পাৰ হৈ গ’ল। এই আক্ৰমণত জইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদী আদিল আহমেদ দাৰে ৩৫০ কেজি বিস্ফোৰকেৰে ভৰ্তি এখন এছ ইউ ভি লৈ এখন বাছত খুন্দা মাৰে। এই আক্ৰমণত শ্বহীদ হৈছিল কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ৪০ জন জোৱান। আজি পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ পঞ্চম বাৰ্ষিকী।
