নতুন দিল্লী,। আজি পুৱা প্ৰায় ৭ বজাত ভূটান অভিমুখে ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ২২-২৩ মাৰ্চত ভূটানলৈ চৰকাৰী ভ্ৰমণ কৰিব তেওঁ। ইয়াৰ পূৰ্বে ভাৰত চৰকাৰৰ ‘চুবুৰীয়া প্ৰথম নীতি’ৰ অধীনত প্ৰধানমন্ত্ৰী মোদীয়ে ২১-২২ মাৰ্চত ভূটান ভ্ৰমণৰ কথা আছিল। কিন্তু প্ৰতিকূল বতৰৰ বাবে তেওঁ যাব নোৱাৰিলে।
ভূটান ভ্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ এক্স-পোষ্টত লিখিছে, ভাৰত-ভূটানৰ অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে মই বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিম। ভূটানৰ মহামহিম ৰজা, মহামহিম চতুৰ্থ ড্ৰুক গ্যালপো আৰু প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনাৰ বাবে আগ্ৰহী।” ইয়াৰ পূৰ্বে যোৱা সপ্তাহৰ বৃহস্পতিবাৰৰ পৰা ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে পাঁচ দিনীয়া ভাৰত ভ্ৰমণলৈ গৈছিল। জানুৱাৰী মাহত প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত এইটোৱেই আছিল তেওঁৰ প্ৰথম বিদেশ ভ্ৰমণ। ভ্ৰমণৰ সময়ত তেওঁ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। বিভিন্ন উদ্যোগৰ মুৰব্বীসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰাৰ উপৰিও আন বহু অনুষ্ঠানত অংশ লৈছিল।
