নতুন দিল্লী, দেশত চতুৰ্থ পৰ্যায়ৰ সাধাৰণ নিৰ্বাচনৰ বাবে জাৰি কৰা হৈছে গেজেট অধিসূচনা। চতুৰ্থ পৰ্যায়ত অন্ধ্ৰপ্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ওড়িশা, তেলেংগানা, উত্তৰ প্ৰদেশ, পশ্চিম বংগ আৰু জম্মু-কাশ্মীৰকে ধৰি ১০খন ৰাজ্যৰ ৯৬খন লোকসভা আসনৰ বাবে ভোটদান কৰা হ’ব। ১৩ মে’ত পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।
ইয়াৰ ভিতৰত অন্ধ্ৰ প্ৰদেশৰ ২৫খন, বিহাৰৰ ৫খন, ঝাৰখণ্ডৰ ৪খন, মধ্যপ্ৰদেশৰ ৮খন, মহাৰাষ্ট্ৰৰ ১১খন, ওড়িশাৰ ৪খন, তেলেংগানাৰ ১৭খন, উত্তৰ প্ৰদেশৰ ১৩খন, পশ্চিম বংগৰ আঠখন আৰু জম্মু-কাশ্মীৰৰ এখন আসন আছে। চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়নৰ অন্তিম তাৰিখ ২৫ এপ্ৰিল। ইফালে ২৬ এপ্ৰিলত মনোনয়ন পত্ৰসমূহৰ পৰীক্ষা কৰা হ’ব আৰু ২৯ এপ্ৰিললৈকে নাম প্ৰত্যাহাৰ কৰিব পাৰিব।
উল্লেখ্য যে ৭টা পৰ্যায়ত অনুষ্ঠিত হ’ব ২০২৪ চনৰ লোকসভা নিৰ্বাচন। চলিত লোকসভাৰ কাৰ্যকাল ১৬ জুনত শেষ হ’ব। তাৰ আগতে নতুন লোকসভা গঠন কৰিব লাগিব। যোৱাবাৰ (২০১৯) ১০ মাৰ্চত লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা হৈছিল আৰু ১১ এপ্ৰিলৰ পৰা ১৯ মে’ৰ ভিতৰত সাতটা পৰ্যায়ত ভোটদান হৈছিল। ২৩ মে’ত কৰা হৈছিল ভোটগণনা।
