শ্বিলং, ০১ ফেব্ৰুৱাৰী : সীমা সমস্যা সমাধানৰ অৰ্থে মেঘালয় আৰু অসমে দ্বিতীয় পৰ্যায়ৰ সীমান্ত আলোচনা অব্যাহত ৰখা আৰু বাকী ছয়টা মতানৈক্যৰ ক্ষেত্ৰ সমাধান কৰাৰ কথা দোহাৰিছে মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই। মুখ্যমন্ত্ৰী চাংমাই বুধবাৰে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয় যে নিৰ্বাচন কেতিয়া ঘোষণা কৰা হ’ব আমি নাজানো যদিও আমাৰ গতি অনুসৰি আলোচনা চলি থাকিব। অৱশ্যেই যেতিয়া নিৰ্বাচন ঘোষণা কৰা হ’ব তেতিয়া সকলোৰে বাবে অলপ অসুবিধাৰ সৃষ্টি হ’ব কিন্তু আমি প্ৰক্ৰিয়াটো অব্যাহত ৰাখিম।”
চামাই গতে জনায় যে তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এই বিষয়ত যোৱা সপ্তাহত বেচৰকাৰীভাৱে আলোচনা কৰিছিল। তেওঁ কয় যে এই ধৰণৰ আলোচনা চৰকাৰী পৰ্যায়ত হোৱাটো প্ৰয়োজন আৰু বেচৰকাৰী পৰ্যায়ত এনে বহু কথাই হয়। এই প্ৰক্ৰিয়াটো অবিৰত আৰু আনুষ্ঠানিক বৈঠকবোৰেই ইয়াৰ আনুষ্ঠানিক অংশ। এনেধৰণৰ বহুতো অনানুষ্ঠানিক আলোচনা তথা আনুষ্ঠানিক বৈঠক সেই সকলোবোৰ প্ৰক্ৰিয়াসমূহ অব্যাহত আছে।
দ্বিতীয় পৰ্যায়ৰ আলোচনাৰ অধীনত থকা ক্ষেত্ৰসমূহ-
মেঘালয় আৰু অসমৰ মাজত ১২টা বিবাদৰ ক্ষেত্ৰ আছে। কম জটিলতা থকা ছটা ক্ষেত্ৰ সমাধানৰ বাবে চুক্তি কৰা হৈছে যদিও বাকী ছটা ক্ষেত্ৰ ২০২৩ চনৰ পৰা আৰম্ভ হোৱা দ্বিতীয় পৰ্যায়ৰ আলোচনাত গ্ৰহণ কৰা হৈছে।
সীমান্ত আলোচনাৰ দ্বিতীয় পৰ্যায়ত গ্ৰহণ কৰা ছটা ক্ষেত্ৰৰ ভিতৰত আছে: লাংপি, বৰডুৱাৰ, নংৱাহ-মাৱতামুৰ, দেশ ডুমৰিয়া, ব্লক ১ আৰু ব্লক II, আৰু প্ছিয়াৰ-খাণ্ডূলি।
এই অঞ্চলসমূহত অধিক জটিলতা আছে আৰু সীমান্তৰ বাসিন্দাসকলৰ মাজত সঘনাই চলি অহা সংঘৰ্ষ ইয়াৰ সাক্ষী হৈ আহিছে।
১ম পৰ্যায়ৰ অধীনত ৬টা ক্ষেত্ৰ সমাধানৰ বাবে ঐতিহাসিক চুক্তি-
অসম আৰু মেঘালয়ে ২০২২ চনৰ ২৯ মাৰ্চত নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত সীমা নিষ্পত্তি চুক্তি স্বাক্ষৰ কৰি দুয়োখন ৰাজ্যৰ মাজত চলি থকা সীমা বিবাদৰ ১২টা মতানৈক্যৰ ভিতৰত ৬টা ক্ষেত্ৰত ৫০ বছৰীয়া সীমা বিবাদ নিষ্পত্তি কৰিছিল।
প্ৰথম পৰ্যায়ৰ আলোচনাত মতানৈক্যৰ সমাধান হোৱা ছয়টা ক্ষেত্ৰৰ ভিতৰত আছে তাৰাবাৰী (৪.৬৯ বৰ্গ কিলোমিটাৰ), গীজাং (১৩.৫৩ বৰ্গ কিলোমিটাৰ), হাহিম (৩.৫১ বৰ্গ কিলোমিটাৰ), বোকলাপাৰা (১.৫৭ বৰ্গ কিলোমিটাৰ), খানাপাৰা-পিলাংকাটা (২.২৯ বৰ্গ কিলোমিটাৰ) আৰু ৰাটাচেৰা (১১.২০ বৰ্গ কিলোমিটাৰ)। ইয়াৰ মুঠ মাটিকালি হৈছে ৩৬.৭৯ বৰ্গ কিলোমিটাৰ।
