– প্ৰধানমন্ত্ৰী মোডীক ৰাজনীতিত অনাত মধুভাইয়ে পালন কৰিছিল গুৰুত্বপূৰ্ণ ভূমিকা
ছত্রপতি সম্ভাজিনগৰ, ১৮ ছেপ্টেম্বৰ (হি.স.)। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ)ৰ জ্যেষ্ঠ প্ৰচাৰক মধুভাই কুলকাৰ্ণীৰ বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ ছত্রপতি সম্ভাজিনগৰত দেহাৱসান ঘটে। বাৰ্ধক্য জনিত সমস্যাৰ বাবে কিছুদিন চিকিৎসালয়ত ভৰ্তি হৈ আছিল । মৃত্যুৰ সময়ত তেওঁৰ বয়স ৮৮ বছৰ আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ৰাজনীতিত অনাত কুলকাৰ্ণীয়ে মুখ্য ভূমিকা গ্ৰহণ কৰা বুলি বিবেচিত হৈছে।
আৰ এছ এছৰ প্ৰচাৰ বিভাগৰ তথ্য অনুসৰি কুলকাৰ্ণীৰ জন্ম হৈছিল ১৯৩৮ চনৰ ১৭ মে’ত মহাৰাষ্ট্ৰৰ কোলহাপুৰত। তেওঁ চিকোডিত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে। সৰুৰে পৰা আৰ এছ এছৰ লগত জড়িত হৈ নিয়মিতভাৱে আৰ এছ এছৰ শাখাত অংশ লৈছিল। ১৯৫৪ চনত কোলহাপুৰৰ পৰা দশম শ্ৰেণীত উত্তীৰ্ণ হৈ তাৰ পিছত কলেজৰ বাবে মুম্বাইলৈ যায়। বি.এ. আৰু বি.এড. ডিগ্ৰী লাভ কৰি তেওঁ কিছুদিন বিক্ৰী কৰ বিভাগত কাম কৰিছিল, কিন্তু তাৰ পিছত সংঘৰ কামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত লয়।
১৯৬২ চনত সংঘৰ প্ৰচাৰক হিচাপে তেওঁক জলগাঁৱলৈ প্ৰেৰণ কৰা হয়। পৰৱৰ্তী সময়ত তেওঁ ছত্ৰপতি সম্ভাজিনগৰত জিলা প্ৰচাৰক, সোলাপুৰৰ বিভাগ প্ৰচাৰক, পুনেৰ মহানগৰ প্ৰচাৰক হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৮৪ চনৰ পৰা ১৯৯৬ চনলৈ গুজৰাট প্ৰান্ত প্ৰচাৰক হিচাপে কাৰ্যনিৰ্বাহ কৰি সংঘৰ কাম-কাজ সম্প্ৰসাৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মধুভাইয়ে ১৯৯৬ চনৰ পৰা ২০০৩ চনলৈ পশ্চিম ভাৰতৰ প্ৰচাৰক আৰু ২০০৩ চনৰ পৰা ২০০৯ চনলৈ সৰ্বভাৰতীয় বৌদ্ধিক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
গুজৰাটত প্ৰান্ত প্ৰচাৰক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে মধুভাই কুলকাৰ্ণীয়ে নৰেন্দ্ৰ মোডীৰ সংস্পৰ্শলৈ আহে। সংঘৰ সৈতে থকা সময়ছোৱাত মোদীয়ে তেওঁৰ পৰা সেৱাৰ বহু মূল্যৱান শিক্ষা লাভ কৰিছিল। যোৱা কেইবছৰমানৰ পৰা বৃদ্ধাৱস্থাৰ বাবে তেওঁ ছত্রপতি সম্ভাজিনগৰত বাস কৰি আহিছিল, আৰু শেহতীয়াকৈ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল, যাৰ ফলত তেওঁ চিকিৎসালয়ত ভৰ্তি হৈছিল।
দুসপ্তাহ পূৰ্বে আৰ এছ এছৰ মুৰব্বী ডাঃ মোহন ভাগৱতে মধুভাই কুলকাৰ্ণীৰ সৈতে সাক্ষাৎ কৰি তেওঁৰ স্বাস্থ্যৰ বিষয়ে সোধা-পোছা কৰে। অন্তিম দৰ্শনৰ বাবে তেওঁৰ মৃতদেহ ছত্ৰপতি সম্ভাজিনগৰ কাৰ্যালয়ত ৰখা হৈছে। তেওঁ নিজৰ মৃতদেহ দান কৰাৰ প্ৰতিশ্ৰুতি দিছিল। তেওঁৰ পাৰ্থিৱ শৰীৰ ৰামচন্দ্ৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান, আৰ কে দমণি চিকিৎসা মহাবিদ্যালয়ক গতাই দিয়া হ’ব।
हिन्दुस्थान समाचार / অৰৱিন্দ
