নতুন দিল্লী, ২১ অক্টোবৰ (হি.স.)। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি পুৱা ইয়াত ৰাষ্ট্ৰীয় আৰক্ষী সোঁৱৰণী দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতিসৌধত আয়োজন কৰা হয় এই কাৰ্যসূচী। গৃহমন্ত্ৰী শ্বাহে শ্বহীদ আৰক্ষীসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
লগতে ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতি দিৱসত তেওঁ এক্স হেণ্ডেলত নিজৰ মনোভাৱ প্ৰকাশ কৰে। তেওঁ কয়, তেওঁলোকৰ পৰম ত্যাগৰ পোহৰেৰে আশাৰ ৰশ্মি জ্বলোৱা মহান আত্মাৰ প্ৰতি তেওঁ প্ৰণিপাত জনাইছে। আমাৰ সামূহিক স্মৃতিৰ পৰা তেওঁৰ বীৰত্বৰ কাহিনী কোনেও মচি পেলাব নোৱাৰে। ৰাষ্ট্ৰই চিৰকাললৈ তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰি থাকিব। তেওঁ কয়- মাতৃভূমিৰ বীৰ পুৰুষসকলক প্ৰণাম।
উল্লেখযোগ্য যে ১৯৫৯ চনৰ ২১ অক্টোবৰত লাডাখৰ হট স্প্ৰিং অঞ্চলত চীনৰ সশস্ত্ৰ দলৰ আক্ৰমণত ১০ জন আৰক্ষী জোৱানে প্ৰাণ আহুতি দিছিল। এই শ্বহীদসকলৰ লগতে কৰ্তব্যৰত পৰম ত্যাগ কৰা আন সকলো আৰক্ষীৰ স্মৃতিত প্ৰতি বছৰে ২১ অক্টোবৰত আৰক্ষী স্মৃতি দিৱস পালন কৰা হয়। এই ত্যাগক স্মৰণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৮ চনৰ আৰক্ষী স্মৃতি দিৱসত ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতিসৌধ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিছিল।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
