ৰায়পুৰ, ০১ জানুৱাৰী (হি.স.)। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ মুৰব্বী ডা০ মোহন ভাগৱত ছত্তীশগড়ত তিনিদিনীয়া ভ্ৰমণত আছে। তৃতীয় দিনা আজি বৃহস্পতিবাৰে ডা০ ভাগৱতে ৰায়পুৰৰ ভিআইপি ৰোডৰ ৰাম মন্দিৰ পৰিসৰত অনুষ্ঠিত সামাজিক সম্প্ৰীতি সভাত অংশগ্ৰহণ কৰিব।
এই সভাত সমাজৰ বিভিন্ন শ্ৰেণীৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। সামাজিক সম্প্ৰীতি আৰু সমসাময়িক বিষয়সমূহৰ ওপৰত আলোকপাত কৰা হ’ব। সকলো সমাজ আৰু সম্প্ৰদায়ৰ নেতা, সামাজিক সংগঠন, বুদ্ধিজীৱীক আমন্ত্ৰণ জনোৱা হৈছে। এই বৈঠকৰ উদ্দেশ্য হৈছে সমাজৰ বিভিন্ন শ্ৰেণীৰ মাজত সম্প্ৰীতি, সহযোগিতা আৰু ৰাষ্ট্ৰ গঠনত তেওঁলোকৰ ভূমিকা সম্পৰ্কে চৰ্চা কৰা। ডা° মোহন ভাগৱতে সামাজিক সম্প্ৰীতি, ৰাষ্ট্ৰ-নিৰ্মাণ আৰু সাংস্কৃতিক চেতনাৰ ওপৰত পথ প্ৰদৰ্শন কৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ
