অযোধ্যা, ২৪ আগষ্ট (হি.স.)। শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ জ্যেষ্ঠp সদস্য তথা ৰাজ সদন অযোধ্যাৰ মুৰব্বী বিমলেন্দ্ৰ মোহন প্ৰতাপ মিশ্ৰ পাপ্পু ভাইয়াৰ যোৱা নিশা হঠাৎ মৃত্যু হয়। পাপ্পু ভাইয়াই ৰাজ সদনৰ বাসগৃহত শেষ নিশ্বাস ল’লে।
মৃত্যুৰ খবৰ পোৱাৰ লগে লগে ঘনিষ্ঠ লোক আৰু প্ৰশাসনিক কৰ্মচাৰীয়ে বাসগৃহত উপস্থিত হৈছে। তেওঁৰ বয়স আছিল প্ৰায় ৭১ বছৰ। দেওবাৰে দুপৰীয়া ১২ বজাৰ পিছত সৰযুৰ পাৰত পাপ্পু ভাইয়াৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
