নতুন দিল্লী, ২৯ অক্টোবৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাতাহ আল চিছিয়ে কালি (শনিবাৰে) পশ্চিম এছিয়াৰ অৱনতি ঘটা নিৰাপত্তা আৰু মানৱীয় পৰিস্থিতি সন্দৰ্ভত টেলিফোনিক বাৰ্তালাপত মত বিনিময় কৰে। লগতে সন্ত্ৰাসবাদক লৈ উদ্বেগ প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত আৰু ইজিপ্তৰ মাজত সন্ত্ৰাসবাদ, হিংসা আৰু সাধাৰণ নাগৰিকৰ প্ৰাণ হেৰুওৱাৰ সন্দৰ্ভত উদ্বেগ আছে। শান্তি আৰু স্থিতিশীলতা শীঘ্ৰে বাহাল কৰাৰ লগতে মানৱীয় সাহায্যৰ সুবিধাৰ ওপৰত দুয়োখন দেশেই একমত।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
