দিল্লী, ২৮ জুলাই (হি.স.)। সংসদৰ বৰ্ষাকালিন অধিৱেশনৰ ষষ্ঠ দিনা বিহাৰত ভোটাৰ তালিকাৰ নিবিড় পুনৰীক্ষণ (এছআইআৰ)ৰ বিৰুদ্ধে কংগ্ৰেছকে ধৰি বিৰোধী দলৰ সাংসদসকলে প্ৰতিবাদ সাব্যস্ত কৰে। এই সময়ত সাংসদসকলৰ হাতত বিভিন্ন পোষ্টাৰ আছিল, য’ত লিখা হৈছিল ‘ষ্টপ এছআইআৰ’, ‘এছআইআৰ গণতন্ত্ৰৰ বাবে ভাবুকি’ আদি শ্লোগান। ইয়াৰ উপৰিও সাংসদসকলে ইয়াক প্ৰত্যাহাৰ কৰাৰ শ্লোগানও উত্থাপন কৰে।
কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, কংগ্ৰেছ সংসদীয় দলৰ সভানেত্ৰী সাংসদ ছোনিয়া গান্ধী, লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধী, এছপি দলৰ সভাপতি অখিলেশ যাদৱ, কংগ্ৰেছৰ সাধাৰণ সম্পাদক আৰু সাংসদ প্ৰিয়ংকা গান্ধী, লোকসভাত কংগ্ৰেছৰ উপ নেত্ৰী গৌৰৱ গগৈ, চৰণজিৎ সিং চান্নী, সুদীয় ৰাম গোপাল যাদৱ, অযোধ্যাৰ সাংসদ অধেশ প্ৰসাদ সিং, প্ৰমোদ তিৱাৰী, ৰঞ্জিত ৰঞ্জনকে ধৰি বহু নেতাই এই বিক্ষোভত অংশগ্ৰহণ কৰে। শেহতীয়াকৈ নিৰ্বাচন আয়োগে প্ৰথম পৰ্যায়ৰ এছ আই আৰ (২৪ জুন – ২৫ জুলাই)ৰ তথ্য প্ৰকাশ কৰিছে। এই প্ৰতিবেদন অনুসৰি সমগ্ৰ ৰাজ্যতে ৭.২৪ কোটি (৯১.৮১ শতাংশ) ভোটাৰে নিজৰ তথ্য দাখিল কৰাৰ বিপৰীতে ২২ লাখ (২.৮৩ শতাংশ) ভোটাৰৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও ৩৬ লাখ (৪.৫৯ শতাংশ) ভোটাৰে স্থায়ীভাৱে স্থানান্তৰিত হৈছে বা তেওঁলোকৰ উপস্থিতি পৰীক্ষা কৰা হোৱা নাই আৰু এটাতকৈ অধিক স্থানত ৭ লাখ (০.৮৯ শতাংশ) ভোটাৰ পঞ্জীয়ন হোৱা দেখা গৈছে। এই ভোটাৰসকলৰ বহুতকে বিএলঅ’ই বিচাৰি নাপালে, যিটো বদলি, অনুপস্থিতি, বা প্ৰ-পত্ৰ জমা নিদিয়াৰ বাবে হ’ব পাৰে।
আয়োগৰ তথ্য অনুসৰি ২০২৫ চনৰ ১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈকে দাবী আৰু আপত্তিৰ সময়ছোৱাত ই আৰ অ’ বা এ আৰ অ’ৰ তদন্তৰ পিছত এই তথ্যৰ সত্যতা স্পষ্ট হ’ব আৰু দুগুণ পঞ্জীয়ন থকা ভোটাৰৰ নাম মাত্ৰ এটা স্থানতে ৰখা হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
