শ্ৰীনগৰ, ২৯ জুলাই (হি.স.)। শ্ৰীনগৰৰ সমীপত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা এনকাউণ্টাৰত পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ কথিত মাষ্টাৰমাইণ্ডকে ধৰি দুজন সন্ত্ৰাসবাদীক হত্যা কৰাৰ তদন্ত মঙলবাৰে আৰম্ভ কৰে এন আই এৰ এটা দলে। মঙলবাৰে পুৱা আৰক্ষী নিয়ন্ত্ৰণ কক্ষ (পিচিআৰ)ত উপস্থিত হৈ তিনিজন সন্ত্ৰাসবাদীৰ মৃতদেহ চিনাক্তকৰণ কৰে এনআইএৰ দলটোৱে।
বিষয়াসকলে জনোৱা মতে, পেহেলগাম আক্ৰমণৰ সময়ত ব্যৱহৃত চেটেলাইট ফোনটো পুনৰ সক্ৰিয় কৰাৰ তথ্য লাভ কৰি নিৰাপত্তা বাহিনীয়ে অপাৰেচন ‘মহাদেৱ’ আৰম্ভ কৰে। সোমবাৰে ডাচিগাম ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ হাৰৱান অঞ্চলৰ মুলনাৰত হোৱা এক এনকাউণ্টাৰত সেনাবাহিনীৰ অভিজাত পেৰা কমাণ্ডোসকলে পেহেলগাম আক্ৰমণৰ কথিত মাষ্টাৰমাইণ্ড চুলেমান ওৰফে আছিফক তেওঁৰ দুজন সহযোগীসহ হত্যা কৰে। অভিযানত নিহত আন দুজন সন্ত্ৰাসবাদী জিব্ৰান আৰু হামজা আফগানী বুলি চিনাক্ত কৰা হৈছে। বিগত বৰ্ষৰ অক্টোবৰ মাহত গগাংগীৰৰ সোণামাৰ্গ সুৰংগ প্ৰকল্পত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত জিব্ৰান জড়িত আছিল বুলি অভিযোগ উত্থাপন হৈছে। এই আক্ৰমণত এজন চিকিৎসকসহ ৭ জন লোক নিহত হয়।
বিষয়াসকলে জনোৱা মতে, সোমবাৰে গভীৰ নিশা এনকাউণ্টাৰ স্থানৰ পৰা নিহত সন্ত্ৰাসবাদীৰ মৃতদেহ পিচিআৰলৈ অনা হয়। নিহত সন্ত্ৰাসবাদীৰ ভিতৰত চুলেমান শ্বাহ আছিল নে নাই সেয়া জানিবলৈ দুইৰ পৰা তিনিজনীয়া দলত সাক্ষীক জেৰা কৰি আছে এন আই এৰ দলটোৱে। সোমবাৰে এনকাউণ্টাৰ ছাইটৰ পৰা এটা এম ৪ কাৰবাইন ৰাইফল, দুটা এ কে ৰাইফল আৰু অন্যান্য অস্ত্ৰ জব্দ কৰা হয়। চোৰাংচোৱাৰ তথ্য অনুসৰি অঞ্চলটোত আন এটা সন্ত্ৰাসবাদীৰ দল উপস্থিত থকাৰ কথা জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
