
কেদাৰনাথ (উত্তৰাখণ্ড), ২৩ অক্টোবৰ (হি.স.)। বৈদিক মন্ত্ৰোচ্ছাৰণ, প্ৰাৰ্থনা, ধৰ্মীয় পৰম্পৰা পালন কৰি আজি পুৱা ৮:৩০ বজাত শীতকালৰ বাবে শ্ৰী কেদাৰনাথ ধামৰ দুৱাৰ বন্ধ কৰি দিয়া হয়। পুৱা ৪ বজাৰ পৰা এক বিশেষ প্ৰাৰ্থনা অনুষ্ঠানেৰে সামৰণি প্ৰক্ৰিয়া আৰম্ভ হয়।
এই উপলক্ষে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামি, জিলা দণ্ডাধীশ ৰুদ্ৰপ্ৰয়াগ প্ৰতীক জৈন, আৰক্ষী অধীক্ষক অক্ষয় কণ্ডে, মুখ্য কাৰ্যবাহী বিষয়া বি কে টি চি বিজয় থাপলিয়াল, পুৰোহিত, আৰু ভক্তসকল উপস্থিত থাকে।
দুৱাৰ বন্ধ হোৱাৰ পিছত বাবা কেদাৰনাথৰ ডোলা উখিমঠৰ ওমকাৰেশ্বৰ মন্দিৰলৈ ৰাওনা হয়। এই ডোলাৰ প্ৰথম অৱস্থান ৰামপুৰত অতিবাহিত কৰি কাইলৈ গুপ্তকাশীত উপস্থিত হ’ব । ইফালে ২৫ অক্টোবৰত এই ডোলা উপস্থিত হ’ব নিজৰ আসন উখিমথৰ ওমকাৰেশ্বৰ মন্দিৰত।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
