শ্বিলং, ২৯ ছেপ্টেম্বৰ (হি.স.)। মেঘালয়ত ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে এক বৃহৎ অভিযানত আৰক্ষীয়ে প্ৰায় ২.৫ কোটি টকাৰ হেৰ’ইন জব্দ কৰাৰ লগতে পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ দুজন মণিপুৰ বাসিন্দাক গ্ৰেপ্তাৰ কৰে।
পশ্চিম জয়ন্তীয়া পাহাৰ জিলা আৰক্ষীয়ে জনোৱা মতে, জিলা আৰক্ষী আৰু ৰাজ্যিক নিচাবিৰোধী টাস্ক ফ’ৰ্চৰ যৌথ দলে যোৱা নিশা ফ্ৰামেৰ মেৰ আৰক্ষীৰ যান-বাহন কোষৰ সমীপত এক গোপন সূত্ৰৰ ভিত্তিত এই অভিযান চলায়।
জিলা আৰক্ষী অধীক্ষক গিৰি প্ৰসাদে জানিবলৈ দিয়া মতে, খলিয়েহৰিয়াটৰ পৰা জোৱাইলৈ গৈ থকা গাড়ীখনৰ ওপৰত পুংখানুপুংখ তালাচী চলোৱা হয়। পৰিদৰ্শনৰ সময়ত আৰক্ষীয়ে হেৰ’ইন থকা ৫০টা প্লাষ্টিকৰ চাবোনৰ বাকচ উদ্ধাৰ কৰে, যাৰ ওজন প্ৰায় ৫১২.৬৩ গ্ৰাম।
ধৃত দুয়োজন ব্যক্তি বৰ্তমান আৰক্ষীৰ জিম্মাত আছে, আৰু নিষিদ্ধ সামগ্ৰীৰ উৎস আৰু গন্তব্যস্থান নিৰ্ণয়ৰ বাবে অধিক তদন্ত চলি আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
