নতুন দিল্লী, ১২ ছেপ্টেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰাচীন পাণ্ডুলিপিসমূহক বিশ্ব ঐতিহ্যৰ আধাৰ বুলি অভিহিত কৰি কয় যে ভাৰতে নিজৰ সাংস্কৃতিক আৰু বৌদ্ধিক ঐতিহ্যক বিশ্বৰ আগত গৌৰৱেৰে উপস্থাপন কৰিবলৈ ওলাইছে। শুকুৰবাৰে বিজ্ঞান ভৱনত অনুষ্ঠিত হোৱা তিনিদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলন জ্ঞান ভাৰতমক ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে।
প্ৰধানমন্ত্ৰীয়ে কয় যে জ্ঞান ভাৰতম অভিযান কেৱল প্ৰাচীন পাণ্ডুলিপিসমূহ ডিজিটেলাইজ কৰাৰ প্ৰচেষ্টা নহয় বৰঞ্চ ই ভাৰতৰ সংস্কৃতি, সাহিত্য আৰু চেতনাৰ উদঘোষ হ’বলৈ গৈ আছে। ভাৰতৰ জ্ঞান পৰম্পৰা চাৰিটা প্ৰধান স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত – সংৰক্ষণ, উদ্ভাৱন, প্ৰচাৰ আৰু অভিযোজন। এইবোৰ ভিত্তিতে ভাৰতে হাজাৰ হাজাৰ বছৰ ধৰি জীৱন্ত প্ৰবাহ হিচাপে বিকশিত হৈছে। তেওঁ কয়, ভাৰত নিজৰ মাজতে এক জীৱন্ত প্ৰবাহ, যিটো ইয়াৰ ধাৰণা, আদৰ্শ আৰু মূল্যবোধৰ দ্বাৰা সৃষ্টি হয়। ভাৰতৰ প্ৰাচীন পাণ্ডুলিপিসমূহত আমি ভাৰতৰ অবিৰত প্ৰবাহৰ ৰেখাবোৰ চাবলৈ পাওঁ। এই পাণ্ডুলিপিসমূহো বৈচিত্ৰ্যত আমাৰ ঐক্যৰ ইস্তাহাৰ।
এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ‘জ্ঞান ভাৰতম’ সম্পৰ্কীয় পৰ্টেলো মুকলি কৰে। তেওঁ কয় যে এয়া কেৱল চৰকাৰী বা শৈক্ষিক কাৰ্যসূচী নহয় বৰঞ্চ ভৱিষ্যত প্ৰজন্মক তেওঁলোকৰ পৰম্পৰা আৰু ঐতিহ্যৰ সৈতে সংযোগ কৰা এক অভিযান। তেওঁ কয় যে আজি ভাৰতত বিশ্বৰ সৰ্ববৃহৎ পাণ্ডুলিপি সংগ্ৰহ আছে, যাৰ সংখ্যা প্ৰায় এক কোটি। ইতিহাসৰ নিষ্ঠুৰ পৰিস্থিতিত লাখ লাখ পাণ্ডুলিপি জ্বলি বা হেৰাই গ’ল যদিও যিবোৰ বাকী আছে সেইবোৰ আমাৰ পূৰ্বপুৰুষৰ শিক্ষা আৰু জ্ঞানৰ প্ৰতি থকা গভীৰ নিষ্ঠাৰ সাক্ষ্য।
তেওঁ কয়, ‘পাণ্ডুলিপি পঢ়াটো সময়ৰ মাজেৰে ভ্ৰমণ কৰাৰ দৰেই। আজি আমি পাণ্ডুলিপি মিনিটত ছপা কৰি উলিয়াব পাৰো, কিন্তু প্ৰাচীন কালত পণ্ডিতসকলে প্ৰতিটো শব্দ হাতেৰে লিখিব লগা হৈছিল। তেতিয়াও ভাৰতে বিশ্বৰ সৰ্ববৃহৎ পুথিভঁৰাল প্ৰতিষ্ঠা কৰিছিল।”
প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰাচীন কালত চীনা ভ্ৰমণকাৰী হিউয়েন ছাং (হেনছাং) ভাৰতৰ পৰা ৬৫০ খনতকৈও অধিক পাণ্ডুলিপি লগত লৈ গৈছিল আৰু সেইবোৰৰ বৰ্ণনা অত্যন্ত আকৰ্ষণীয় আছিল। ইয়াৰে বহু পাণ্ডুলিপি চীনৰ পৰা জাপানত উপস্থিত হৈছিল আৰু সপ্তম শতিকাত তাতেই জাতীয় ঐতিহ্য হিচাপে সংৰক্ষিত হৈ আছিল। আজিও ভাৰতৰ প্ৰাচীন পাণ্ডুলিপি বহু দেশত সংৰক্ষিত হৈ আছে।
মোদীয়ে কয় যে জ্ঞান ভাৰতম অভিযান ভাৰতৰ ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰতে সীমাবদ্ধ নহয়, বৰঞ্চ ই মানৱতাৰ উমৈহতীয়া ঐতিহ্যক একত্ৰিত কৰাৰ প্ৰচেষ্টাও। জি-২০ৰ সাংস্কৃতিক আলোচনাৰ সময়ত গ্ৰহণ কৰা প্ৰচেষ্টা আৰু মংগোলিয়া আৰু থাইলেণ্ডৰ দৰে দেশৰ সহযোগিতাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ভাৰতে বিশ্বব্যাপী অংশীদাৰিত্বৰ জৰিয়তে এই দিশত আগবাঢ়িছে। তেওঁ কয় যে আগতে চুৰি মূৰ্তি আৰু ঐতিহ্য ঘূৰাই পোৱাটো অতি বিৰল আছিল যদিও এতিয়া শ শ মূৰ্তি ঘূৰাই দিয়া হৈছে। ইয়াৰ কাৰণ হ’ল বিশ্বই বিশ্বাস কৰে যে ভাৰতে তেওঁলোকক এক নিৰাপদ আৰু সন্মানীয় স্থান দিব।
মোদীয়ে কয় যে বহু সময়ত বিদেশী প্ৰতিষ্ঠানে ভাৰতৰ পৰম্পৰাগত চিকিৎসা পদ্ধতি আৰু অন্যান্য জ্ঞান ব্যৱস্থাৰ তথ্য কপি কৰি পেটেণ্ট কৰে। এয়া এক গুৰুতৰ প্ৰত্যাহ্বান। জ্ঞান ভাৰতম অভিযানৰ অধীনত পাণ্ডুলিপিসমূহ ডিজিটেলাইজেশ্যনে এনে বৌদ্ধিক পাইৰেচি ৰোধ কৰাত সহায় কৰিব বুলিও তেওঁ কয়।
প্ৰধানমন্ত্ৰীয়ে কয় যে কৃত্ৰিম বুদ্ধিমত্তাই মানৱ প্ৰতিভা আৰু সম্পদৰ ঠাই ল’ব নোৱাৰে। তেওঁ কয়, এআইয়ে প্ৰতিভা আৰু মানৱ সম্পদৰ ঠাই ল’ব নোৱাৰে। আমিও নিবিচাৰো যে এনেকুৱা হওক, নহ’লে নতুন দাসত্ব আৰম্ভ হ’ব। তেওঁ কয় যে এআই হৈছে আমাৰ গতি আৰু শক্তি বৃদ্ধি কৰা এক সহায়ক ব্যৱস্থা। এ আইৰ সহায়ত প্ৰাচীন গ্ৰন্থসমূহ গভীৰভাৱে অধ্যয়ন কৰি নতুন নতুন সূত্ৰ আৱিষ্কাৰ কৰিব পৰা যায়। এই প্ৰযুক্তিয়ে পাণ্ডুলিপি বিশ্লেষণত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব।
প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ ইতিহাস কেৱল সাম্ৰাজ্যৰ বিজয় আৰু পৰাজয়ৰ কাহিনী নহয়। ভাৰতৰ প্ৰকৃত শক্তি নিহিত হৈ আছে ইয়াৰ ধাৰণা, আদৰ্শ আৰু দৃষ্টিভংগীত। ভৌগোলিক পৰিৱৰ্তন যিমানেই নহওক কিয়, হিমালয়ৰ পৰা ভাৰত মহাসাগৰলৈ ভাৰতৰ আত্মা আৰু ইয়াৰ সাংস্কৃতিক প্ৰবাহ কেতিয়াও ভংহ হোৱা নাই।
প্ৰধানমন্ত্ৰীয়ে কয় যে জ্ঞান ভাৰতম অভিযানে অনাগত প্ৰজন্মৰ বাবে ভাৰতৰ অমূল্য ঐতিহ্য সুৰক্ষিত কৰি তুলিব আৰু বিশ্ব সমাজলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব যে ভাৰতে কেৱল নিজৰ বাবেই নহয়, সমগ্ৰ মানৱতাৰ বাবে জ্ঞান আৰু চেতনাৰ প্ৰবাহ হিচাপে কাম কৰে। এই উপলক্ষে মোদীয়ে জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনত আয়োজন কৰা প্ৰদৰ্শনীতো পৰিদৰ্শন কৰে। সাংস্কৃতিক মন্ত্ৰালয়ৰ উদ্যোগত তিনিদিনীয়া এই সন্মিলনত ভাৰতৰ প্ৰাচীন পাণ্ডুলিপি আৰু জ্ঞান পৰম্পৰাক কেন্দ্ৰ কৰি বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰা হয়।
हिन्दुस्थान समाचार
