কলকাতা, ১৭ নৱেম্বৰ (হি.স.)। বংগোপ সাগৰ উপকূলত টহল দি থকা অৱস্থাত ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে সন্দেহজনক কাৰ্যকলাপ ধৰা পেলাই ২৯ জন মাছমৰীয়াসহ এখন বাংলাদেশী ট্ৰলাৰ জব্দ কৰে। পিছত সকলোকে দক্ষিণ ২৪ পৰগনা জিলাৰ ফ্ৰেজাৰগঞ্জ ক’ষ্ট থানাত গতাই দিয়ে। পৰৱৰ্তী সময়ত ভাৰতৰ জলসীমাত অনুপ্ৰৱেশৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়।
আজি পুৱা ক’ষ্ট গাৰ্ডৰ এক বিবৃতিত এই তথ্য প্ৰদান কৰা হৈছে। ক’ষ্ট গাৰ্ডৰ মতে, দেওবাৰে ক’ষ্ট গাৰ্ডে টহল দি থকাৰ সময়ত এখন সন্দেহজনক ট্ৰ’লাৰ দেখা পাইছিল। তদন্তত ট্ৰলাৰখন আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সীমা অতিক্ৰম কৰি বাংলাদেশৰ পৰা ভাৰতৰ জলসীমাত প্ৰৱেশ কৰা বুলি জানিব পৰা গৈছে। ক’ষ্ট গাৰ্ডে ট্ৰ’লাৰখন পাৰলৈ আনি মাছমৰীয়াসকলক সংশ্লিষ্ট আৰক্ষী থানাত গতাই দিয়ে।
ট্ৰ’লাৰখন ভাৰতৰ জলসীমাত কেনেদৰে প্ৰৱেশ কৰিছিল তদন্ত কৰি আছে সুন্দৰবনছ জিলা আৰক্ষীৰ বিষয়াসকলে। সোমবাৰে কাকদ্বীপ মহকুমা আদালতত হাজিৰ কৰা হ’ব অভিযুক্তসকলক। শেহতীয়াকৈ বাংলাদেশৰ কাৰাগাৰত সন্দেহজনক পৰিস্থিতিত এজন ভাৰতীয় মাছমৰীয়াৰ মৃত্যুৰ পিছত উপকূলীয় নিৰাপত্তা আৰু অধিক কটকটীয়া কৰা হয়।
কাকদ্বীপ মাছমৰীয়া সংঘৰ সম্পাদক সতীনাথ পাত্ৰই কয় যে বাংলাদেশী ট্ৰলাৰখনে ভাৰতৰ জলসীমা উলংঘা কৰিছে। যোৱা ছেপ্টেম্বৰ মাহতো ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে ১৩ জন বাংলাদেশী মাছমৰীয়াৰ সৈতে এখন ট্ৰলাৰ জব্দ কৰিছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ
