
– আৰোগ্যৰ হাৰ ৯৮.৮১ শতাংশ
নতুন দিল্লী, ২৩ ডিছেম্বৰ (হি.স.)। ভাৰতত কোভিড-১৯(কৰোনা) ভাইৰাছৰ সংক্ৰমণৰ ঘটনা অব্যাহত আছে। শেহতীয়াকৈ এই সংক্ৰমণ বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা আজি শনিবাৰে সদৰি কৰা তথ্যমতে ভাৰতত বিগত ২৪ ঘন্টাত কৰোনা ভাইৰাছত নতুনকৈ ৪২৩ জন লোক আক্ৰান্ত হৈছে। মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২৪ ঘন্টাত কেৱল কেৰালাতে ২৬৬ জন নতুন ৰোগীৰ আৱিৰ্ভাৱ হৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ত নতুনকৈ ৰোগীৰ সংখ্যা কিছু হ্ৰাস পাইছে। ইফালে ভাৰতত কৰোনাত নতুনকৈ চাৰিজন লোকৰ মৃত্যু তথ্য সন্নিবিষ্ট হৈছে। আনহাতে ভাৰতত কৰোনা ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে ৪.৪৪ কোটিৰো অধিক আক্ৰান্তই। ভাৰতত কৰোনা আক্ৰান্তৰ পৰা আৰোগ্য লাভৰ হাৰ ৯৮.৮১ শতাংশ হৈছেগৈ।
স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা সদৰি কৰা অনুসৰি আজি শনিবাৰে পুৱা ৮ বজালৈ সুস্থ হৈ উঠিছে ৪,৪৪,৭১,২১২ জন লোক। বিগত ২৪ ঘন্টাত সুস্থ হয় ৩২৫ জন লোক। ইফালে ভাৰতত কৰোনা সংক্ৰমিত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৩৩,৩৩২ জন(১.১৯ শতাংশ)লৈ বৃদ্ধি পাইছে। সম্প্ৰতি সমগ্ৰ দেশত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা হৈছে ৩৪২০ জন। যিটো মুঠ সংক্ৰমণৰ ০.০১ শতাংশ।
হিন্দুস্থান সমাচাৰ/মনোজ/অৰৱিন্দ
