• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > বেংগালুৰুত ধৰ্মীয় শোভাযাত্ৰাত শিলগুটি নিক্ষেপ কাৰ্যত আহত কেইবাজনো, থানাৰ বাহিৰত প্ৰতিবাদ, তিনিজনক গ্ৰেপ্তাৰ
National

বেংগালুৰুত ধৰ্মীয় শোভাযাত্ৰাত শিলগুটি নিক্ষেপ কাৰ্যত আহত কেইবাজনো, থানাৰ বাহিৰত প্ৰতিবাদ, তিনিজনক গ্ৰেপ্তাৰ

CliQ INDIA
Last updated: January 6, 2026 6:40 am
CliQ INDIA
Share
3 Min Read
SHARE

বেংগালুৰু, ০৫ জানুৱাৰী (হি.স.)। ছিলিকন চিটিৰ জে জে নগৰ অঞ্চলৰ ভি এছ পাৰ্কৰ সমীপত চলি থকা ওম শক্তি মালাধাৰী ভক্তৰ শোভাযাত্ৰাত দেওবাৰে নিশা হঠাতে শিলগুটি নিক্ষেপ কৰাৰ ফলত এক লৰাঢপৰাৰ সৃষ্টি হয়। শিলগুটি নিক্ষেপত কেইবাজনো লোক আহত হয়। ঘটনাৰ পিছতে অঞ্চলটোত উত্তেজনা বিয়পি পৰে, আৰু ক্ষুব্ধ লোকে জে জে নগৰ থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে। স্থানীয় সাংসদগৰাকীয়ে ঘটনাস্থলীত উপস্থিত হৈ ধৰ্মীয় অনুষ্ঠানত ব্যাঘাত জন্মাবলৈ আপত্তি প্ৰকাশ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনিজন নাবালক ল’ৰাক।

জে জে নগৰ থানাৰ অন্তৰ্গত ভি এছ পাৰ্কৰ সমীপত ওম শক্তি মালাধাৰী সম্প্ৰদায়ৰ লোকে শোভাযাত্ৰা উলিয়াই থকাৰ সময়তে হঠাতে একাংশ লোকে অংশগ্ৰহণকাৰীসকলৰ ওপৰত শিলগুটি নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে। আন্ধাৰত পথত খোজ কাঢ়ি যোৱা শোভাযাত্ৰীসকলৰ ওপৰত শিলগুটি নিক্ষেপ কৰাৰ ফলত সমগ্ৰ অঞ্চলটোত ব্যাপক চিঞৰ-বাখৰ আৰু বিশৃংখলতাৰ সৃষ্টি হয়। শিলগুটি নিক্ষেপত কেইবাজনো লোক আহত হয়, য’ত দুগৰাকী যুৱতীৰ মূৰৰ পৰা প্ৰচুৰ পৰিমাণে তেজ ওলাইছিল। লগে লগে তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ঘটনাৰ লগে লগে জে জে নগৰ থানাৰ সন্মুখত ক্ষুব্ধ ওম শক্তি মালাধাৰী সম্প্ৰদায়ৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰে।

আন জনগোষ্ঠীৰ লোকে ইচ্ছাকৃতভাৱে শিলগুটি নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদকাৰীসকলে দাঙ্গাকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। এজন প্ৰতিবাদকাৰীয়ে কয় যে সেই অঞ্চলত এক পৰিস্থিতিৰ সৃষ্টি হৈছে য’ত প্ৰতিদিনে মানুহে ভয়ত বাস কৰে। অনতিপলমে দাঙ্গাকাৰীক গ্ৰেপ্তাৰ কৰিব লাগে। আহত মহিলাগৰাকীৰ এজন আত্মীয়ই কয় যে আন্ধাৰত শিলগুটি নিক্ষেপ হোৱাৰ বাবে অভিযুক্তক চিনাক্ত কৰাটো অসম্ভৱ।

ওম শক্তি মালাধাৰীৰ সভাপতি শশী কুমাৰৰ এজাহাৰৰ ভিত্তিত জে জে নগৰ থানাত ৰুজু হৈছে এক গোচৰ।

ৰাজ্যৰ গৃহমন্ত্ৰী জি পৰমেশ্বৰই সাংবাদিকৰ আগত কয় যে জে জে নগৰৰ ভি এছ গাৰ্ডেনৰ ওম শক্তি মন্দিৰৰ সমীপত সংঘটিত শিলগুটিৰ ঘটনাৰ সৈতে জড়িত তিনিজন নাবালক ল’ৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তেওঁ কয় যে দেওবাৰে সন্ধিয়া যেতিয়া ওম শক্তি মালধাৰী দেৱীৰ ৰথ লৈ শোভাযাত্ৰা উলিয়াই আনিছিল তেতিয়া একাংশ দুস্কৃতিকাৰীয়ে শোভাযাত্ৰাত শিলগুটি নিক্ষেপ কৰিছিল। এই ঘটনাৰ সৈতে জড়িত ১৫ৰ পৰা ১৭ বছৰ বয়সৰ তিনিজন নাবালক ল’ৰাক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ কয় যে এই গোচৰটো কিশোৰ অপৰাধ আইনৰ অধীনত পৰে আৰু আৰক্ষীয়ে অধিক আইনী ব্যৱস্থা গ্ৰহণ কৰিব।

সাংসদ পি চি মোহনে ঘটনাস্থলী পৰিদৰ্শন কৰি কয় যে অঞ্চলটোত এক পৰিস্থিতিৰ সৃষ্টি হৈছে য’ত মানুহে ভয়তে জীৱন কটাবলগীয়া হৈছে। ধৰ্মীয় ৰীতি-নীতি কিয় বিঘ্নিত হৈছে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে।

বেংগালুৰু পশ্চিম সংমণ্ডলৰ ডিচিপি যতীশে কয় যে বিষয়টোৰ তদন্তৰ বাবে দুজনীয়া পৰিদৰ্শকৰ দল গঠন কৰা হৈছে আৰু শীঘ্ৰে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হ’ব। ঘটনাৰ পিছতে জে জে নগৰ অঞ্চলত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা ৰোধৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হিচাপে নিৰাপত্তা বৃদ্ধি কৰা হৈছে, আৰু কে এছ আৰ পিৰ দুটা প্লাটুন মোতায়েন কৰা হৈছে।

हिन्दुस्थान समाचार / Manoj Kumar Saikia

You Might Also Like

Supreme Court Slams Delay in CEC Appointment Law, Warns of “Tyranny of the Elected”
বিশ্ব জল দিৱসত দেশবাসীক জল শক্তি মন্ত্ৰী পাটিলৰ অভিনন্দন | BulletsIn
ৰাষ্ট্ৰপতিৰ দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন
দিল্লী জল ব’ৰ্ডত কেজৰিৱাল চৰকাৰৰ ৩,৭৫৩ কোটি টকাৰ কেলেংকাৰিৰ অভিযোগ বিজেপিৰ
Rahul Gandhi Alleges FCRA Amendments Favour RSS, Warns of Increased Curbs on Civil Society Organisations

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article অলংকাৰ বজাৰত সামান্য অৱনমন, সোণ-ৰূপৰ মূল্য হ্ৰাস
Next Article মণিপুৰত গ্ৰেপ্তাৰ কেচিপি(টি)ৰ কেডাৰ, উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?