কলকাতা, ০৯ জুলাই (হি.স.)। জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই বৃহস্পতিবাৰে (১০ জুলাই) পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সাক্ষাৎ কৰিব পাৰে । এই বৈঠক ৰাজ্যিক সচিবালয় ‘নৱান্ন’ত অনুষ্ঠিত কৰিব পাৰে। বুধবাৰে ৰাজ্য চৰকাৰৰ এগৰাকী উচ্চপদস্থ বিষয়াই এই তথ্য প্ৰদান কৰে।
জ্যেষ্ঠ বিষয়াগৰাকীয়ে কয় যে, বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সাক্ষাৎ কৰিবলৈ আহিব পাৰে। এইখন সৌজন্যমূলক বৈঠক হ’ব।
বিষয়াগৰাকীৰ মতে, এই সময়ছোৱাত আগন্তুক বৰ্ষা কালিন অধিৱেশনৰ পৰিপ্ৰেক্ষিতত বিৰোধী দলসমূহৰ সম্ভাৱ্য কৌশল সম্পৰ্কেও আলোচনাৰ সম্ভাৱনা আছে।
মন কৰিবলগীয়া যে এপ্ৰিল মাহত জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত এইখনেই হ’ব মুখ্যমন্ত্ৰী দুগৰাকীৰ প্ৰথমখন বৈঠক। সেই আক্ৰমণত ২৬ জন লোকে প্ৰাণ হেৰুৱাইছিল, যিয়ে সমগ্ৰ দেশক কঁপাই তুলিছিল।
এই সম্ভাৱ্য বৈঠকক সংসদৰ বৰ্ষা কালিন অধিৱেশনৰ পূৰ্বে বিৰোধী দলসমূহৰ মাজত সমন্বয় বৃদ্ধিৰ প্ৰয়াস হিচাপে দেখা গৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
