চিমলা, ২৮ জুলাই (হি.স.)। হিমাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী দলপতি জয়ৰাম ঠাকুৰে সোমবাৰে পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰি হিমাচল প্ৰদেশৰ দুৰ্যোগ ক্ষতিগ্ৰস্ত অঞ্চলসমূহত হোৱা বৃহৎ লোকচানৰ বিষয়ে বিতং তথ্য প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে শেহতীয়া দুৰ্যোগক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি পুনসংস্হাপন আৰু পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত সকলো ধৰণৰ সহযোগিতাৰ আশ্বাস দিয়ে।
জয়ৰাম ঠাকুৰে প্ৰধানমন্ত্ৰীক অৱগত কৰে যে এই দুৰ্যোগত কেৱল মানুহৰ ঘৰ ধ্বংস হোৱাই নহয়, বহু ঠাইত মাটিও জাহ গৈছে, যাৰ বাবে ক্ষতিগ্ৰস্ত লোকসকলৰ ঘৰ পুনৰ নিৰ্মাণ কৰিবলৈ ঠাই নাই। এনে লোকৰ পুনৰ সংস্থাপনৰ বাবে ‘বন সংৰক্ষণ আইন’ত ৰেহাই দিব লাগে যাতে তেওঁলোকক নিৰাপদ স্থানত বসতি স্থাপন কৰিব পৰা যায়।
জয়ৰাম ঠাকুৰে হিমাচলৰ ভৌগোলিক আৰু পৰিৱেশগত অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ বাবে ‘এলেকা নিৰ্দিষ্ট’ সাহায্য পেকেজৰো দাবী জনায়। তেওঁ কয় যে এই ধৰণৰ লক্ষ্যভিত্তিক সহায়ৰ দ্বাৰা ক্ষতিগ্ৰস্ত অঞ্চলসমূহত দ্ৰুত পুনৰ্গঠন সম্ভৱ হ’ব।
ঠাকুৰে কয় যে এই প্ৰাকৃতিক দুৰ্যোগৰ বাবে ৰাজ্যখনৰ মুঠ ১২০০ কোটিতকৈ অধিক লোকচান হৈছে, য’ত কেৱল ছেৰাজ বিধানসভা সমষ্টিতে লোকচান ১০০০ কোটিতকৈও অধিক হ’ব বুলি অনুমান কৰা হৈছে।
উল্লেখযোগ্য যে যোৱা ৩০ জুনৰ নিশা চেৰাজ, কাৰ্ছগ আৰু নাচান অঞ্চলত মুঠ ৪২ জন লোকে প্ৰাণ হেৰুৱাইছিল, ইয়াৰে ২৯ জন লোকৰ মৃত্যু হৈছে কেৱল চেৰাজত। ৫০০ৰো অধিক ঘৰ সম্পূৰ্ণৰূপে উটুৱাই নিয়াৰ লগতে ১০০০ ঘৰ ক্ষতিগ্ৰস্ত হয় যিবোৰ এতিয়া জীয়াই থকাৰ অনুপযোগী। একে সময়তে মণ্ডি জিলাৰ ধৰমপুৰৰ স্যাথী গাঁৱৰ ৰাইজে আজিও মুকলি আকাশৰ তলত ভূমি সম্পূৰ্ণৰূপে ভাঙি পেলোৱাৰ বাবে বাস কৰি আছে।
লগতে জয়ৰাম ঠাকুৰে প্ৰধানমন্ত্ৰীক ৰাজ্যত সঘনাই হোৱা প্ৰাকৃতিক দুৰ্যোগৰ কাৰণসমূহৰ ওপৰত বৈজ্ঞানিক অধ্যয়ন কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে এই দুৰ্যোগৰ মূল কাৰণ বুজি নোপোৱালৈকে প্ৰতি বছৰে জীৱন আৰু সম্পত্তিৰ ক্ষতি অব্যাহত থাকিব।
দুৰ্যোগৰ সময়ত কেন্দ্ৰীয় চৰকাৰে সাহায্য আৰু উদ্ধাৰ অভিযানত সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো কৃতজ্ঞতা জ্ঞাপন কৰিছে বিৰোধী দলপতিগৰাকীয়ে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
