পাটনা, ০২ ডিচেম্বৰ (হি.স.)। বিহাৰ বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনা মঙলবাৰে ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা বিধায়ক ড০ প্ৰেম কুমাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে অধ্যক্ষ নিৰ্বাচিত হয়। প্ৰেম কুমাৰৰ সৰ্বসন্মতিক্ৰমে হোৱা নিৰ্বাচনক আদৰণি জনায় মুখ্যমন্ত্ৰী নীতিশ কুমাৰে।
অধ্যক্ষ নিৰ্বাচিত হোৱাৰ পিছত প্ৰেম কুমাৰে সকলো সদস্যৰ হৈ সমান আৰু নিৰপেক্ষভাৱে কাম কৰিব বুলি কয়। লগতে বিধানসভাৰ সকলো গুৰুত্বপূৰ্ণ বিষয় মুকলি আৰু স্বচ্ছভাৱে আলোচনা কৰা হ’ব আৰু সদনৰ কাম-কাজ সুচাৰুৰূপে চলিব বুলিও তেওঁ আশ্বাস দিয়ে।
তেওঁ কয় যে আমাৰ লক্ষ্য হৈছে সদনৰ মৰ্যাদা আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়া বজাই ৰখা। অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱা প্ৰেম কুমাৰক অভিনন্দন জনায় ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীয়ে। বিহাৰ বিধানসভাৰ বাবে এয়া এক ইতিবাচক লক্ষণ আৰু ই ৰাজ্যৰ গণতান্ত্ৰিক প্ৰক্ৰিয়া আৰু অধিক শক্তিশালী কৰি তুলিব বুলি কয়। প্ৰথম ভাষণত প্ৰেম কুমাৰে সকলো বিধায়কৰ পৰামৰ্শ আৰু মতামতক সন্মান জনাই যিকোনো ধৰণৰ পক্ষপাতিত্ব পৰিহাৰ কৰিব বুলিও উল্লেখ কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ
