নতুন দিল্লী, ০৯ জানুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰখ্যাত হিন্দী আৰু ভোজপুৰী গীতিকাৰ, কবি আৰু বিশিষ্ট সাহিত্যিকৰ কাশী বাসিন্দা পণ্ডিত হৰিৰাম দ্বিবেদী ‘হৰি ভাইয়া’ৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। আজি (মঙলবাৰ) বাৰাণসীত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব।
আজি পুৱা প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ এক্স হেণ্ডেলত শোক বাৰ্তা জাৰি কৰে। তেওঁ লিখিছে, হিন্দী সাহিত্যৰ মহান সৃষ্টিকৰ্তা তথা কাশীৰ বাসিন্দা পণ্ডিত হৰিৰাম দ্বিবেদী জীৰ মৃত্যুত মই মৰ্মাহত হৈছো। অংগনাইয়া আৰু জীৱনদৈনী গংগাৰ দৰে কবিতা সংকলন আৰু তেওঁৰ বিভিন্ন ৰচনাৰ সৈতে তেওঁ আমাৰ জীৱনত সদায় উপবিষ্ট থাকিব। তেওঁ শ্ৰী চৰণত স্থান পাওক। এইয়া মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা।’’
দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল ৮৭ বছৰীয়া দ্বিবেদী। সোমবাৰে বিয়লি ২:১৫ বজাত বাৰাণসীৰ মাহমূৰ গঞ্জৰ মতী ঝীলত থকা নিজৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। পণ্ডিত হৰিৰাম দ্বিবেদীৰ জন্ম হৈছিল ১৯৩৬ চনৰ ১২ মাৰ্চত মিৰ্জাপুৰৰ শ্বেৰৱা গাঁৱত। সাহিত্য অকাডেমী ভাষা বঁটা, ৰাহুল সাংকৃত্যয়ন বঁটা, সাহিত্য ভূষণ, সাহিত্য সাৰস্বত বঁটাকে ধৰি আন বহুতো বঁটা লাভ কৰে। তেখেতৰ প্ৰধান কবিতা সংকলনসমূহ হ’ল – অংগনাইয়া, পত্ৰি পীৰ, জীৱনদয়িনী গংগা, সাই ভজনৱালী, পানী কহে কহানি, পেহচান, নাৰী, ৰামতা যোগী, বৈন ফকিৰ, হাছিয়ে কা দৰদ, নদিয়া গৈল ডুবৰায় ইত্যাদি।
হিন্দুস্থান সমাচৰ/মুকুন্দ/মনোজ
