মুম্বাই, ২১ অক্টোবৰ (হি.স.)। বলীউডৰ প্ৰবীণ অভিনেতা তথা পৰিচালক আছৰানীৰ সোমবাৰে সন্ধিয়া মৃত্যু হয়। মুম্বাইৰ আৰোগ্য নিধি চিকিৎসালয়ত মৃত্যু হয় ৮৪ বছৰীয়া আছৰানীৰ। ছান্টাক্ৰুজৰ শাস্ত্ৰী নগৰ শ্মশানত পৰিয়াল আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ উপস্থিতিত তেওঁৰ সৎকাৰ কৰে।
এই খবৰটোৱে সমগ্ৰ চলচ্চিত্ৰ জগতখনৰ বাবে এক জোকাৰণিৰ সৃষ্টি কৰিছিল। মৃত্যুৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আছৰাণীয়ে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত দীপাৱলী ২০২৫ৰ শুভেচ্ছা শ্বেয়াৰ কৰিছিল। খবৰ অনুসৰি, মৃত্যুৰ কিছু সময়ৰ পূৰ্বে তেওঁ পত্নী মঞ্জু আছৰানীক নিজৰ মৃত্যুৰ বিষয়ে হৈ চৈ নকৰিবলৈ কৈছিল। ফলস্বৰূপে পৰিয়ালটোৱে কোনো আনুষ্ঠানিক ঘোষণা নকৰাকৈয়ে মনে মনে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে ।
৩৫০ খনতকৈও অধিক ছবিত আচৰাণীৰ যাদু স্পষ্ট হৈ পৰিছিল
১৯৬০ চনৰ পৰা আছৰানিৰ চলচ্চিত্ৰ জীৱন আৰম্ভ হৈছিল আৰু গোটেই কেৰিয়াৰত তেওঁ ৩৫০ খনতকৈও অধিক ছবিত অভিনয় কৰিছিল। কমেডী আৰু ছিৰিয়াছ চৰিত্ৰ দুয়োটাতে আছৰাণীয়ে সুকীয়া স্থান দখল কৰিছিল। ১৯৭০ চনত তেওঁক বলীউডৰ অন্যতম জনপ্ৰিয় চৰিত্ৰ অভিনেতা হিচাপে গণ্য কৰা হৈছিল। মেৰে আপনে, কোশিছ, বাৱৰচি, পৰিচয়, অভিমান, চুপকে চুপকে, ছোটি ছি বাত, ৰফু চক্কৰ আদি স্মৰণীয় ছবিত তেওঁ তাৰকাময় অভিনয় কৰিছিল। শ্বোলেত তেওঁৰ এক্সেন্ট্ৰিক জেইলাৰৰ ভূমিকা দৰ্শকৰ স্মৃতিত সতেজ হৈয়ে আছে। পিছৰ বছৰবোৰত তেওঁ ভূল ভুলাইয়া, ধমাল, অল দ্য বেষ্ট, ৱেলকাম, আৰ…ৰাজকুমাৰ, বান্টি ঔৰ বাবলি ২ আদি হিট ছবিত অভিনয় কৰে।
জয়পুৰৰ পৰা মুম্বাইলৈ যাত্ৰা
১৯৪১ চনৰ ১ জানুৱাৰীত জয়পুৰৰ এটা সিন্ধী হিন্দু পৰিয়ালত জন্মগ্ৰহণ কৰা আছৰাণীয়ে ভ্ৰাম্যমাণ জগতত অভিনয় জীৱন আৰম্ভ কৰে। ১৯৬০ চনৰ পৰা ১৯৬২ চনলৈ ঠাক্কাৰৰ ললিত কলা ভৱনত অভিনয়ৰ শিক্ষা গ্ৰহণ কৰি তাৰ পিছত মুম্বাইলৈ গুচি যায় আৰু তাতেই কিশোৰ সাহু আৰু হৃষিকেশ মুখাৰ্জীৰ দৰে চলচ্চিত্ৰ নিৰ্মাতাক লগ পায়। তেওঁলোকৰ পৰামৰ্শ মতে আছৰাণীয়ে পেছাদাৰী প্ৰশিক্ষণ লাভ কৰি চিনেমাত প্ৰৱেশ কৰে। হিন্দী চলচ্চিত্ৰৰ উপৰিও গুজৰাটী চিনেমালৈও অৰিহণা যোগাইছিল আছৰাণীয়ে। তেওঁ কেৱল এজন প্ৰচুৰ অভিনেতা নাছিল বৰঞ্চ পৰিচালনাৰ ক্ষেত্ৰতো নাম উজলাইছিল।
বলীউডৰ এইগৰাকী কিংবদন্তি শিল্পীৰ বিয়োগে চিনেমা জগতত এক বৃহৎ শূন্যতা সৃষ্টি কৰিছে। তেওঁৰ অভিনয়, স্বাভাৱিক হাস্যৰস, আৰু সজীৱ সংলাপ প্ৰদানে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি দৰ্শকক মনোৰঞ্জন দি আহিছিল, আৰু এতিয়া তেওঁ আমাৰ স্মৃতিত চিৰদিনৰ বাবে জীয়াই থাকিব।
हिन्दुस्थान समाचार / Manoj Kumar Saikia
