নগাঁও, ২৯ ডিচেম্বৰ (হি.স.)। অধীৰ অপেক্ষাৰ অন্ত পেলাই অৱশেষত বহু প্ৰত্যাশিত বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প আজি মুকলি কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। আজিৰ এই দিনটো অসমবাসীৰ বাবে হৈ থাকিব এক ঐতিহাসিক দিন। প্ৰায় ২২৭ কোটি টকাৰে নিৰ্মাণ কৰা হৈছে বটদ্ৰৱা প্ৰকল্প। ‘শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ’ মুকলি কৰি এখন বিশাল ৰাজহুৱা সভাতো অংশ গ্ৰহণ কৰে অমিত শ্বাহে।
বটদ্ৰৱা প্ৰকল্পৰ উদ্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে- ‘পূৰ্বে অসমত বন্দুক চলিছিল, এতিয়া শংকৰদেৱৰ নাম-প্ৰসংগ চলিব। নৱ-বৈষ্ণৱ ধৰ্মৰ বাবে আজি এটা ডাঙৰ দিন’। লগতে কয় এই প্ৰকল্পৰ শিলান্যাস, উদ্বোধন কৰিবলৈ পোৱাটো তেওঁৰ বাবে সৌভাগ্যৰ কথা।
বছৰ বছৰ ধৰি অবৈধ লোকৰ বেদখল কৃত ভূমিত এই প্ৰকল্প নিৰ্মাণ হোৱাটো আমাৰ বাবে এক গৌৰৱৰ কথা বুলিও তেওঁ উল্লেখ কৰে। ইপিনে নগাঁৱৰ এই পবিত্ৰ ভূমিত গুৰু জনাই জন্মলাভ কৰি বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰা গুৰু জনাৰ পবিত্ৰ ভূমিত উপস্থিত হ’বলৈ পায় ধন্য হোৱাৰ কথা ব্যক্ত কৰে অমিত শ্বাহে। লগতে ভাৰতৰত্ন গোপীনাথ বৰদলৈ, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, কনকলতাক শ্ৰদ্ধাৰে সোঁৱৰে গৃহমন্ত্ৰীগৰাকীয়ে।
আনহাতে তেওঁ উল্লেখ মুখ্যমন্ত্রীক বেদখলকাৰীক উচ্ছেদ কৰাৰ বাবে ধন্যবাদ জনায় । কাজিৰঙাৰ দখলীকৃত ভূমিও মুকলি কৰিছে মুখ্যমন্ত্রীয়ে। তেওঁ কয় যে কংগ্রেছে আই এম ডি টি আইনৰ অধীনত বাংলাদেশী সংস্থাপনৰ পথ মুকলি কৰিছিল। আমি এটা এটা অবৈধ বাংলাদেশীক চিনাক্ত কৰি বিতাড়নৰ ব্যৱস্থা কৰিম। অসম আন্দোলন শ্বহীদৰ কাৰণে পূৰ্বৰ কংগ্রেছ চৰকাৰে একো নকৰিলে। ৭১ বছৰৰ উপেক্ষাক অসমৰ ৰাইজে কেতিয়াও পাহৰি নাযায়। যোৱা ১০ টা বৰ্ষত অসমৰ বিকাশৰ মূল ৰূপৰেখা প্রস্তুত হৈছে। পূৰ্বে ইয়াৰ অসমৰ যুৱ শক্তিয়ে হাতত মাৰণাস্ত্র ল’বলগীয়া হৈছিল। আন্দোলনৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছিল অসমে। অসমীয়াৰ শৌৰ্য বীৰ্যৰ প্ৰতীক লাচিত বৰফুকনক প্রধানমন্ত্রীয়ে সমগ্র দেশবাসীৰ সৈতে চিনাকী কৰাই দিছে বুলি উল্লেখ কৰি আৰু কয় যে অসমৰ গামোচাক জি আই টেগ প্রদানৰ ক্ষেত্রতো প্রধানমন্ত্রীৰ উল্লেখযোগ্য ভূমিকা আছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আৰু কয় যে বৃন্দাৱনী বস্ত্রক প্রদৰ্শনীৰ মাজেৰে বিশ্ববাসীক পৰিচয় কৰাই দিয়াৰ প্রচেষ্টা কৰা হৈছে। কংগ্রেছে কেৱল ভাষণ দিয়ে, কিন্তু বিজেপি চৰকাৰে কাম কৰে। টাটা ছেমিকণ্ডাক্টৰ প্রকল্পকে ধৰি বহু গুৰুত্বপূৰ্ণ উদ্যোগ অসমত স্থাপন হৈছে। অসম এতিয়া আন্দোলনৰ পৰিৱৰ্তি বিকাশৰ ভূমিলৈ পৰিৱৰ্তন হৈছে। সমগ্র উত্তৰ–পূবৰ গ্র’থ ইঞ্জিন হিচাপে পৰিগণিত হৈছে অসম। এই সুযোগতে তেওঁ আগন্তুক ৫বছৰৰ বাবে বিজেপিক আন এটা সুযোগ দিয়াৰ আহ্বান জনায়। লগতে ৰাজ্যৰ পৰা প্রতিজন অবৈধ নাগৰিকক খেদি পঠিওৱাৰ হুংকাৰ দিয়ে গৃহমন্ত্রীয়ে।
নিজৰ ভাষণত অমিত শ্বাহে কয়, সমগ্ৰ উত্তৰ-পূবতে ধৰ্মৰ প্ৰচাৰ কৰিছিল গুৰু দুগৰাকীয়ে। মোৰ বাবে আজিৰ দিনটো সৌভাগ্যৰ দিন। গোপীনাথ বৰদলৈ নথকা হ’লে অসম ভাৰতৰ অংগ হৈ নাথাকিলহেঁতেন। গোপীনাথ বৰদলৈৰ বাবেই অসম ভাৰতৰ অংগ হৈ থাকিল। বৰদোৱাৰ পৰাই নৱ বৈষ্ণৱ ধৰ্মৰ নৱজাগৰণ হয়। বটদ্ৰৱা ৫০০ বছৰীয়া ঐতিহ্যৰ প্ৰতীক হৈ থাকিব। এই প্ৰকল্পৰ ভূমি পূজন ময়েই কৰিছিলো, আজি প্ৰকল্পৰ মুকলি কৰাৰ সৌভাগ্যও মোৰেই হ’ল।
অমিত শ্বাহে কয়, বৰদোৱা অসমীয়া সত্ত্বাৰ জীৱন্ত প্ৰতীক। অসমীয়া সংস্কৃতিক আগবঢ়াই নিয়াত এই প্ৰকল্পই সহায় কৰিব। শংকৰদেৱৰ জন্মস্থানত বাংলাদেশীৰ দপদপনি চলিছিল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী মুক্ত কৰিলে বৰদোৱাক। কাজিৰঙাতো আমাৰ চৰকাৰে উচ্ছেদ চলাইছে। আই এম ডি টি আইনৰ দ্বাৰা বাংলাদেশীক ৰক্ষণাবেক্ষণ দিছিল। আমি বাচি বাচি বাংলাদেশীক চিনাক্ত কৰিম। বাংলাদেশী মুক্ত কৰিম অসম ভূমিক।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয়, ‘‘এই দহ বছৰ অসমৰ বিকাশৰ বাবে স্ৱৰ্ণযুগ। ১১ বছৰত ৩৬ বাৰ অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অসমক প্ৰতিনিধিত্ৱ কৰিয়েই প্ৰধানমন্ত্ৰী হৈছিল মনমোহন সিং। কিন্তু প্ৰধানমন্ত্ৰী হৈ মাত্ৰ ৭ বাৰ অসম ভ্ৰমণ কৰিছিল মনমোহন সিঙে। বিগত ১১ বছৰত শান্তি প্ৰতিষ্ঠা হৈছে উত্তৰ পূৰ্বাঞ্চলত। মোদীৰ নেতৃত্বত শান্তি প্ৰক্ৰিয়া ত্বৰান্বিত হ’ল উত্তৰ পূবত। মোদীৰ বাবেই এতিয়া লাচিত বৰফুকনক দেশে চিনি পায়। গামোচাক জিআই টেগৰ স্ৱীকৃতি বিজেপি চৰকাৰে দিলে। অসমৰ বিকাশৰ বাবে মোদীয়ে দিছে ১৫ লাখ কোটি টকা।’’ অসমত এতিয়া আন্দোলন নহয়, কেৱল বিকাশ হয় বুলি কয় গৃহমন্ত্ৰী অমিত শ্বাহে। লগতে তেওঁ কয়, কংগ্ৰেছে ভোট বেংকৰ স্বাৰ্থত সংস্কৃতি ধ্বংস কৰিছিল।
এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘অচিনাকি লোকে বটদ্ৰৱাৰ মাটি দখল কৰি আছিল। অচিনাকি লোকক আমি উচ্ছেদ কৰিলোঁ। আৰ্ৱিভাৱ ক্ষেত্ৰত শংকৰদেৱৰ দৰ্শন আলোচনা কৰিম। গুৰু দুজনাৰ সৃষ্টিৰাজি আৰ্ৱিভাৱ ক্ষেত্ৰত আলোচনা হ’ব। আমাৰ গুৰু শংকৰদেৱ-মাধৱদেৱ আছিল। আমাৰ গুৰু শংকৰদেৱ, আজান ফকীৰ হ’ব নোৱাৰে। সূৰ্য-চন্দ্ৰ থকালৈকে গুৰু দুজনা জীয়াই থাকিব।’’
মুখ্যমন্ত্ৰীয়ে কয়, প্ৰধানমন্ত্ৰীৰ নেতৃত্ৱত অসমত বিকাশৰ গংগা বৈছে। জাতিৰ পৰিচয় নাথাকিলে বিকাশৰ মূল্য নাথাকে। ১ লাখ ৪৫ বিঘা মাটি বেদখল মুক্ত কৰিছোঁ। আমি অচিনাকি লোকক শান্তি থাকিবলৈ নিদিওঁ। অচিনাকি লোকক জাতিৰ বৰঘৰত সোমাবলৈ নিদিব। অচিনাকি লোকক মাটি বিক্ৰী নকৰিব। অচিনাকি লোকক চাকৰি নিদিবলৈও আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী
