চেন্নাই, ১৪ জুলাই (হি.স.)। তামিল চিনেমাই হেৰুৱাইছে এটা কিংবদন্তি। বয়সৰ লগত জড়িত অসুস্থতাৰ বাবে সোমবাৰে বেংগালুৰুৰ মলেশ্বৰমৰ বাসগৃহত ৮৭ বছৰ বয়সত মৃত্যু হয় প্ৰবীণ অভিনেত্ৰী বি সৰোজা দেৱীৰ। ১৯৩৮ চনৰ ৭ জানুৱাৰীত বেংগালুৰুত জন্মগ্ৰহণ কৰা সৰোজা দেৱী দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ জগত বিশেষকৈ তামিল আৰু কানাড়া চিনেমাৰ এক সুপৰিচিত নাম আছিল। ছয় দশকৰো অধিক সময়ৰ কেৰিয়াৰত তেওঁ লাখ লাখ অনুৰাগীৰ হৃদয়ত এক স্থায়ী ছাপ ৰাখিছিল।
সৰোজা দেৱীয়ে নিজৰ কেৰিয়াৰত কানাড়া, তামিল, তেলেগু আৰু হিন্দী ভাষাত ২০০ৰো অধিক ছবিত কাম কৰিছিল। তামিল চিনেমাৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰী আছিল, যিয়ে নাদোদী মান্নান (১৯৫৮), থাই সোলাই থাট্টাধে আৰু এংগা ভেট্টু পিল্লাই আদি উল্লেখযোগ্য ছবিত কাম কৰিছিল। এম.জি.ৰামচন্দ্ৰনৰ সৈতে একেৰাহে ২৬খন হিট ছবি দিছিল । কম বয়সতে অভিনয় জীৱন আৰম্ভ কৰিছিল আৰু মনোমোহা অভিনয়েৰে দ্ৰুতগতিত খ্যাতি অৰ্জন কৰিছিল। বহুতো আইকনিক ছবিত অভিনয় কৰিছিল আৰু নিজৰ সময়ৰ কিংবদন্তি অভিনেতাৰ সৈতে যোৰ কৰিছিল। পৰ্দাত তেওঁৰ উপস্থিতি আৰু বহুমুখীতাই তেওঁক ব্যাপক প্ৰশংসা লাভ কৰে আৰু তেওঁ নিজৰ যুগৰ অন্যতম বিখ্যাত অভিনেত্ৰী হিচাপে পৰিগণিত হয়।
সৰোজা দেৱীয়ে চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে অসংখ্য বঁটা আৰু সন্মান লাভ কৰে, য’ত ১৯৬৯ চনত পদ্মশ্ৰী, ১৯৯২ চনত পদ্মভূষণ আৰু বাংগালুৰু বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেওঁৰ উত্তৰাধিকাৰে উদীয়মান অভিনেতা-অভিনেত্ৰীসকলক অনুপ্ৰাণিত কৰি আহিছে আৰু তেওঁৰ ছবিসমূহ এতিয়াও প্ৰশংসা কৰা হয়।
তেওঁৰ মৃত্যুৰ খবৰে সমগ্ৰ চলচ্চিত্ৰ জগততে শোকৰ লহৰ সৃষ্টি কৰিছে। অনুৰাগী, সহকৰ্মী আৰু শুভাকাংক্ষীসকলে তেওঁৰ উল্লেখযোগ্য জীৱন আৰু কেৰিয়াৰক শ্ৰদ্ধাঞ্জলি জনাইছে।
প্ৰবীণ অভিনেতা ৰজনীকান্তে ছ’চিয়েল মিডিয়াত লিখিছে- লাখ লাখ অনুৰাগীৰ হৃদয়ত শাসন কৰা মহান অভিনেত্ৰী সৰোজা দেৱী আৰু আমাৰ লগত নাই। তেওঁৰ আত্মাই শান্তি লাভ কৰক।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
