নতুন দিল্লী, ১২ নৱেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূটানৰ ৰাজধানী থিম্ফুত বুধবাৰে ভূটানৰ চতুৰ্থ ৰজা মহামহিম জিগমে চিংগে ৱাংচুকক সাক্ষাৎ কৰে । প্ৰধানমন্ত্ৰীয়ে চতুৰ্থ ৰজাক তেওঁৰ ৭০ সংখ্যক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ভাৰত চৰকাৰ আৰু ভাৰতবাসীৰ হৈ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে।
ভাৰত-ভূটানৰ বন্ধুত্ব সুদৃঢ় কৰাৰ ক্ষেত্ৰত চতুৰ্থ ৰজাৰ নেতৃত্ব, দিহা-পৰামৰ্শ, উপদেশৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে। কথা-বতৰাৰ সময়ত তেওঁলোকে পাৰস্পৰিক সম্পৰ্ক আৰু পাৰস্পৰিক স্বাৰ্থৰ বিষয়সমূহৰ ওপৰত চৰ্চা কৰে।
তেওঁলোকে ভাৰত আৰু ভূটানৰ জনসাধাৰণৰ মাজত থকা গভীৰ আধ্যাত্মিক আৰু সাংস্কৃতিক সম্পৰ্কক আলোকপাত কৰে, যিয়ে দুয়োখন দেশক অধিক ঘনিষ্ঠ কৰি তোলে।
ভূটানৰ ৰজা চতুৰ্থ ৰজা আৰু ভূটানৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে থিম্ফুৰ চাংলিমিথাং ষ্টেডিয়ামত অনুষ্ঠিত গোলকীয় (গ্লোবেল) শান্তি প্ৰাৰ্থনা মহোৎসৱতো অংশগ্ৰহণ কৰে। ভূটানৰ মুখ্য অভিষেকাচাৰ্জ জে খেনপোৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠান কলাচক্ৰ দীক্ষা অনুষ্ঠানৰ অংশ আছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ
