নতুন দিল্লী, ২৭ নৱেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি (সোমবাৰ) পুৱা শ্ৰী গুৰু নানক দেৱজীৰ প্ৰকাশ পৰ্ব উপলক্ষে ৰাইজক অভিনন্দন জ্ঞাপন কৰে। প্ৰকাশ পৰ্বৰ প্ৰাকক্ষণত তেওঁৰ ‘মন কি বাত’ অনুষ্ঠানতো গুৰু নানক দেৱক স্মৰণ কৰিছিল।
তেওঁৰ অফিচিয়েলত এক্সত এটা ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে- শ্ৰী গুৰু নানক দেৱজীৰ প্ৰকাশ পৰ্বৰ শুভ মূহুৰ্তত সকলোকে শুভেচ্ছা। আনৰ সেৱা কৰা আৰু ভাতৃত্ববোধক আগুৱাই নিয়াত তেওঁৰ গুৰুত্বই বিশ্বৰ লাখ লাখ লোকক শক্তিপ্ৰদান কৰে।’
উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীয়ে প্ৰতিটো ধৰ্মক সন্মান কৰে। ২০২০ চনৰ ২০ ডিচেম্বৰত হঠাতে দিল্লীৰ গুৰুদ্বাৰা ৰাকবগঞ্জত উপস্থিত হয়। এই সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে গুৰু তেগ বাহাদুৰৰ বলিদানৰ স্মৃতিত গুৰুদ্বাৰা ৰাকবগঞ্জত প্ৰণাম জনাই গুৰু টেগ বাহাদুৰক শ্ৰদ্ধাঞ্জলি জনাইছিল।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
