ভূপাল, ২৫ ডিছেম্বৰ (হি.স.)। আজি (সোমবাৰে) ইন্দোৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম জয়ন্তী উপলক্ষে আয়োজন কৰা ‘শ্ৰমিক কল্যাণৰ বাবে উৎসৰ্গিত কাৰ্যসূচী’ত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মুখ্যমন্ত্ৰী ড০ মোহন যাদৱ উপস্থিত থাকিবলগীয়া এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্যসূচীত উপস্থিত হুকুমচান্দ মিলৰ শ্ৰমিকসকলৰ সৈতে ভাৰ্চুৱেলি মত বিনিময় কৰিব।
জনসংযোগ বিভাগৰ তৰফৰ পৰা সদৰি কৰা অনুসৰি ইন্দোৰৰ নন্দ নগৰ অঞ্চলত অৱস্থিত কনকেশ্বৰী ধামত পুৱা ১১ বজাৰ পৰা এই কাৰ্যসূচী আৰম্ভ হ’ব। এই উপলক্ষে হুকুমচান্দ মিলৰ শ্ৰমিকৰ ৩০ বছৰৰ বিচাৰাধীন গোচৰত ৪৮০০ শ্ৰমিকে সকাহ পাব আৰু তেওঁলোকৰ পৰিয়ালৰ প্ৰায় ২৫ হাজাৰ সদস্যই উপকৃত হ’ব। ৭০ বছৰ সফল পৰিচালনাৰ অন্তত ১৯৯২ চনত বন্ধ হৈ পৰে হুকুমচান্দ মিল। মধ্য প্ৰদেশ চৰকাৰে আইনী মধ্যস্থতা কৰি অহা ২০ ডিছেম্বৰত উচ্চ ন্যায়ালয়ত জমা কৰিছে এই ধনৰাশি। এই উপলক্ষে মুখ্যমন্ত্রীয়ে ৩২২ কোটি টকাৰ উন্নয়নমূলক কামৰ ভূমি পূজন কৰাৰ লগতে ১০৫ কোটি টকাৰ উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰিব।
হিন্দুস্থান সমাচাৰ/ মুকেশ /মনোজ
