-মেক ইন ইণ্ডিয়াৰ মূল ব্ৰেণ্ড এম্বেছাদৰ হৈ পৰিছে তামিলনাডুঃ প্ৰধানমন্ত্ৰী
নতুন দিল্লী, ০২ জানুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে তামিলনাডুৰ তিৰুচিৰাপল্লীত ২০ হাজাৰ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গিত আৰু আধাৰশিলা স্থাপন কৰে। উন্নয়নমূলক প্ৰকল্পসমূহৰ ভিতৰত আছে তামিলনাডুৰ ৰে’ল, পথ, তেল আৰু গেছ আৰু জাহাজ আদি খণ্ডৰ দৰে বিভাগ।
এই উপলক্ষে সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে সকলোকে ফলপ্ৰসূ আৰু সমৃদ্ধিশালী নৱবৰ্ষৰ শুভেচ্ছা জনায় আৰু ২০২৪ চনত তেওঁৰ প্ৰথমটো ৰাজহুৱা অনুষ্ঠান তামিলনাডুত অনুষ্ঠিত হোৱাত আনন্দ প্ৰকাশ কৰে। তেওঁ কয় যে আজি ২০ হাজাৰ কোটিতকৈ অধিক মূল্যৰ প্ৰকল্পই তামিলনাডুৰ অগ্ৰগতি শক্তিশালী কৰিব। পথ, ৰে’লৱে, বন্দৰ, বিমানবন্দৰ, শক্তি আৰু পেট্ৰলিয়াম পাইপলাইনৰ খণ্ডক সামৰি লোৱা প্ৰকল্পসমূহৰ বাবে ৰাজ্যবাসীক অভিনন্দন জনায়। তেওঁ কয় যে এনে বহু প্ৰকল্পই ভ্ৰমণ বৃদ্ধিৰ লগতে ৰাজ্যখনত হাজাৰ হাজাৰ কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি কৰিব।
তামিলনাডুৰ বাবে যোৱা তিনিটা কঠিন সপ্তাহৰ কথা উল্লেখ কৰি তেওঁ কয় যে যেতিয়া প্ৰচণ্ড বৰষুণ হৈছিল তেতিয়া বহু লোকে প্ৰাণ হেৰুৱাইছিল আৰু সা-সম্পত্তিৰ বহু ক্ষতি হৈছিল। প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰাৰ লগতে লগতে কয় যে কেন্দ্ৰীয় চৰকাৰ তামিলনাডুৰ জনসাধাৰণৰ সৈতে থিয় দিছে। তেওঁ কয়-‘আমি ৰাজ্য চৰকাৰক সম্ভৱপৰ সকলো সহায় আগবঢ়াইছো।’
প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে আগন্তুক ২৫ বছৰৰ স্বাধীনতাৰ সোণালী সময়ছোৱাই ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ কয় যে তামিলনাডু ভাৰতৰ সমৃদ্ধি আৰু সংস্কৃতিৰ প্ৰতিফলন। প্ৰধানমন্ত্ৰীয়ে কয়, ‘তামিলনাডু প্ৰাচীন ভাষা তামিলৰ গৃহ আৰু সাংস্কৃতিক ঐতিহ্যৰ ভঁৰাল।’
তিৰুচিৰাপল্লীৰ চহকী ঐতিহ্যৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াত আমি পল্লৱ, চোলা, পাণ্ড্য আৰু নায়ক বংশৰ সুশাসন আৰ্হিৰ অৱশিষ্ট পাওঁ। তেওঁ কয় যে তেওঁ বিদেশ ভ্ৰমণৰ সময়ত যিকোনো উপলক্ষে তামিল সংস্কৃতিৰ কথা উল্লেখ কৰে। দেশৰ উন্নয়ন আৰু ঐতিহ্যৰ ক্ষেত্ৰত তামিল সাংস্কৃতিক প্ৰেৰণাৰ অৱদানৰ অবিৰত সম্প্ৰসাৰণত মই বিশ্বাস কৰোঁ।’ নতুন সংসদত পবিত্ৰ চেংগোল, কাশী তামিল আৰু কাশঈ সৌৰাষ্ট্ৰ সংগমম প্ৰতিষ্ঠাক সমগ্ৰ দেশতে তামিল সংস্কৃতিৰ প্ৰতি উৎসাহ বৃদ্ধি কৰা প্ৰচেষ্টা বুলি উল্লেখ কৰে।
প্ৰধানমন্ত্ৰীয়ে বিগত ১০ বছৰত পথ, ৰে’লৱে, বন্দৰ, বিমানবন্দৰ, দৰিদ্ৰ লোকৰ বাবে আৱাসগৃহ আৰু চিকিৎসালয় আদি খণ্ডত ভাৰতে কৰা বৃহৎ বিনিয়োগৰ বিষয়ে অৱগত কৰে আৰু ভৌতিক আন্তঃগাঁথনিৰ ওপৰত চৰকাৰে গুৰুত্ব আৰোপ কৰাৰ ওপৰত আলোকপাত কৰে। তেওঁ ভাৰতক বিশ্বৰ শীৰ্ষ ৫ খন অৰ্থনীতিৰ ভিতৰত অন্তৰ্ভুক্ত হোৱাৰ কথাও উল্লেখ কৰে, য’ত ই বিশ্বৰ বাবে আশাৰ কিৰণ হৈ পৰিছে। সমগ্ৰ বিশ্বৰ পৰা ভাৰতলৈ অহা বৃহৎ বিনিয়োগৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ পৰা তামিলনাডু আৰু ইয়াৰ জনসাধাৰণে প্ৰত্যক্ষভাৱে লাভৱান হৈছে, কিয়নো ৰাজ্যখন মেক ইন ইণ্ডিয়াৰ এটা ডাঙৰ ব্ৰেণ্ড এম্বেছাদৰ হৈ পৰিছে।
প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ দৃষ্টিভংগী পুনৰ উল্লেখ কৰে য’ত ৰাজ্যৰ উন্নয়ন ৰাষ্ট্ৰৰ উন্নয়নত প্ৰতিফলিত হয়। তেওঁ অৱগত কৰে যে কেন্দ্ৰীয় চৰকাৰৰ ৪০ জনতকৈ অধিক কেন্দ্ৰীয় মন্ত্ৰীয়ে যোৱা এটা বছৰত ৪০০ বাৰতকৈ অধিক তামিলনাডু ভ্ৰমণ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ অভিলেখ ব্যয়ৰ বিষয়ে অৱগত কৰে। তেওঁ কয় যে ২০১৪ চনৰ আগৰ দশকত ৰাজ্যসমূহক ৩০ লাখ কোটি টকা দিয়া হৈছিল যদিও বিগত ১০ বছৰত ৰাজ্যসমূহক ১২০ লাখ কোটি টকা দিয়া হৈছিল। ২০১৪ চনৰ আগৰ ১০ বছৰৰ তুলনাত এই সময়ছোৱাত তামিলনাডুৱেও ২.৫ গুণ অধিক ধন লাভ কৰে। ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে তিনিগুণতকৈ অধিক ধন আৰু ৰাজ্যৰ ৰে’ল খণ্ডত ২.৫ গুণ অধিক ধন ব্যয় কৰা হৈছে। তেওঁ কয় যে ৰাজ্যৰ লাখ লাখ পৰিয়ালে বিনামূলীয়া ৰেচন, চিকিৎসা আৰু স্থায়ী ঘৰ, শৌচাগাৰ, পাইপ পানীৰ দৰে সা-সুবিধা লাভ কৰি আছে।
এই উপলক্ষে তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যিক মন্ত্ৰী এল মুৰুগানেও উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ/ সুশীল/মনোজ/অৰবিন্দ
