
গুৱাহাটী, ২০ ডিছেম্বৰ (হি.স.)। দুদিনীয়া ভ্ৰমণসূচীৰে আজি শনিবাৰে বিয়লি অসমত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে বিমানবন্দৰৰ নতুন টাৰ্মিনেল। পুৰণি টাৰ্মিনেলত অৱতৰণ কৰি নতুন টাৰ্মিনেলত প্ৰৱেশ কৰে প্রধানমন্ত্ৰীগৰাকীয়ে। নতুন টাৰ্মিনেলত উন্মোচন কৰি নতুন টাৰ্মিনেলত প্রধানমন্ত্ৰী মোদীয়ে উন্মোচন কৰে অসমৰ প্রথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ ৮০ফুট উচ্চতাৰ প্ৰতিমূৰ্তি। প্ৰায় ১৫ মিনিট সময় নতুন টাৰ্মিনেলটোও পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। টাৰ্মিনেল মুকলিৰ পাছতে প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰে ৰাজহুৱা সভা।
উল্লেখ্য যে প্রধানমন্ত্ৰী মোদী অহা বিশেষ বিমান বিয়লি ২.৫০ বজাত বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰে । মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালে অসমলৈ আদৰণি জনায় প্রধানমন্ত্ৰীগৰাকীক। প্ৰধানমন্ত্ৰীগৰাকীয়ে টাৰ্মিনেল মুকলিৰ পাছতে প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰে এখন ৰাজহুৱা সভা। প্ৰধানমন্ত্ৰী মোদীয়ে আজি নিশা ৰাজ্যিক অতিথিশালাত কটাব কাইলৈ ২১ ডিচেম্বৰ, দেওবাৰে পুৱা ৮ বজাত মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰধানমন্ত্ৰীৰ ‘পৰীক্ষা পে চৰ্চা’ শীৰ্ষক বিশেষ অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব। তাৰ পৰা বৰাগাঁৱৰ শ্বহীদ স্মাৰকলৈ যাব প্ৰধানমন্ত্ৰীগৰাকী। প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ বৰাগাঁৱৰ শ্বহীদ স্মাৰক এলেকাত শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে দিনটোৰ পিছত ডিব্ৰুগড় ভ্ৰমণৰ কথা। প্ৰধানমন্ত্ৰীয়ে তিনিখন ৰাজহুৱা সভাতো ভাষণ দিব।
প্ৰধানমন্ত্ৰীয়ে অসমৰ ডিব্ৰুগড়ৰ নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেচন লিমিটেড (বিভিএফচিএল)-ৰ বৰ্তমানৰ চৌহদত নতুন ব্ৰাউনফিল্ড এমনিয়া-ইউৰিয়া সাৰ প্ৰকল্পৰ ভূমিপূজন কৰিব। নতুন ব্ৰাউনফিল্ড এমোনিয়া-ইউৰিয়া সাৰ প্ৰকল্পটোৰ আনুমানিক বিনিয়োগ ₹১ কোটিৰো অধিক। ₹১০,৬০০ কোটি টকাৰ এই প্ৰকল্পই অসম তথা চুবুৰীয়া ৰাজ্যসমূহৰ সাৰৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব, যথেষ্ট কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব, আৰু আঞ্চলিক অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত কৰিব। ই ঔদ্যোগিক পুনৰুজ্জীৱন আৰু কৃষকৰ কল্যাণৰ মূল শিলাস্তম্ভ হিচাপে পৰিগণিত হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
