লক্ষ্ণৌ, ২৩ নৱেম্বৰ (হি.স.ছ)। বাবা চাহেব ভীমৰাও আম্বেদকাৰ বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপক ড০ ৰাজশৰণ শ্বাহীক পুনৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছে। বৃহস্পতিবাৰে মুম্বাইস্থিত এবিভিপিৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত এই কথা ঘোষণা কৰা হয়।
লক্ষ্ণৌস্থিত এবিভিপিৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা পোৱা তথ্য অনুসৰি ২০২৩-২৪ বৰ্ষৰ অধিৱেশনৰ বাবে ড° ৰাজশৰণ শ্বাহী (উত্তৰ প্ৰদেশ)ক ৰাষ্ট্ৰীয় সভাপতি আৰু যাজ্ঞৱলক্য শুক্ল্য (বিহাৰ)ক ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে পুনৰ নিৰ্বাচিত কৰা হৈছে।
উল্লেখযোগ্য যে ড° ৰাজশৰণ শ্বাহী মূলতঃ উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ। তেওঁ শিক্ষা বিষয়ত পিএইচডি কৰিছে। শ্বাহীয়ে পাঁচখন গ্ৰন্থ লিখাৰ লগতে সম্পাদনা কৰিছে। এতিয়ালৈকে তেওঁৰ ১০৩ টাতকৈও অধিক গৱেষণা পত্ৰ আৰু প্ৰবন্ধ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গৱেষণা আলোচনী আৰু আলোচনা চক্ৰত প্ৰকাশ পাইছে। লগতে শিক্ষাৰ লগত জড়িত বিষয়ৰ ওপৰত তেওঁৰ লেখাবোৰ দৈনিক বাতৰি কাকতত প্ৰকাশ পাইছে।
এবিভিপিৰ ৰাষ্ট্ৰীয় সংগঠন মন্ত্ৰী আশীষ চৌহানে এদিন পূৰ্বে লক্ষ্ণৌত পূব উত্তৰ প্ৰদেশৰ চাৰিওখন প্ৰদেশৰ ৰাজ্যিক সংগঠন মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হৈছিল। লক্ষ্ণৌত থকা সময়ছোৱাত ড০ ৰাজশৰণ শ্বাহীৰ বাসগৃহতো উপস্থিত হয় ৰাষ্ট্ৰীয় সংগঠন মন্ত্ৰীগৰাকীয়ে। ইয়াৰ পৰা তেওঁ পোনপটীয়াকৈ মুম্বাইলৈ গৈছিল।
পূব উত্তৰ প্ৰদেশৰ আঞ্চলিক সংগঠন মন্ত্ৰী ঘনশ্যাম শ্বাহী আৰু ৰাজ্যিক সংগঠন মন্ত্ৰী অংশুলকে ধৰি এবিভিপিৰ কৰ্মীসকলে ড° ৰাজশৰণ শ্বাহীক অভিনন্দন জ্ঞাপন কৰিছে।
হিন্দুস্থান সমাচাৰ/বৃজনন্দন/মনোজ
