চণ্ডীগড়, ১৮ অক্টোবৰ (হি.স.)। পঞ্জাৱৰ ফাতেহগড় চাহাব জিলাৰ ছিৰহিন্দ ৰে’ল ষ্টেচনৰ সমীপত আজি পুৱা গৰিব ৰথ ৰে’ল খনৰ এটা দবাত জুই লাগে। অমৃতসৰৰ পৰা বিহাৰৰ সহৰছালৈ গৈ আছিল গৰিব ৰথ ৰে’লখন। ১৯ নম্বৰ দবাত সংঘটিত হোৱা এই অগ্নিকাণ্ডত কোনো লোকৰ মৃত্যু হোৱা নাই।
প্ৰাৰম্ভিক তদন্তত শ্বৰ্ট চাৰ্কিট জুইৰ কাৰণ বুলি উল্লেখ কৰা হৈছে। অগ্নিকাণ্ডৰ তথ্য লাভ কৰাৰ লগে লগে জৰুৰীকালীন ব্ৰেক ব্যৱহাৰ কৰি ৰে’লখন বন্ধ কৰি দিয়া হয়। ৰে’লখন ৰৈ যোৱাৰ লগে লগে যাত্ৰীসকলৰ মাজত হুলস্থুলৰ সৃষ্টি হয় আৰু ইজনে সিজনৰ আগত নামিবলৈ চেষ্টা কৰি আন কেইবাজনো আহত হয়। প্ৰায় এঘণ্টাৰ পিছত নিয়ন্ত্ৰণলৈ অনা হয় অগ্নিকাণ্ড।
বিষয়াসকলে জনোৱা মতে, ৰে’লখন পুৱা ৭ বজাত ছিৰহিণ্ড ষ্টেচনৰ মাজেৰে পাৰ হৈ যায়। ব্ৰাহ্মণ মাজৰা গাঁৱৰ ওচৰতে এজন যাত্ৰীয়ে ১৯ নম্বৰ দবাৰ পৰা ধোঁৱা ওলোৱা লক্ষ্য কৰি চিঞৰি চিঞৰি শিকলি টানিলে। ধোঁৱাৰ লগতে জুইৰ শিখা ওলাবলৈ ধৰিলে, যাৰ ফলত আতংকৰ সৃষ্টি হ’ল। তথ্য লাভ কৰাৰ লগে লগে ৰেলৱে, অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষীৰ দল উপস্থিত হয়। ইয়াৰ পূৰ্বে বিশৃংখলতাৰ মাজতে যাত্ৰীসকলে ডবাখনৰ পৰা নামিবলৈ আৰম্ভ কৰে। আন আন ডবাবোৰৰ যাত্ৰীও নামিল। টিটিই আৰু পাইলটে ৰেলৱে কণ্ট্ৰল ৰুমক অৱগত কৰে।
ৰেলৱেই এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি আজি পুৱা ৭:৩০ বজাত পঞ্জাৱৰ ছিৰহিন্দ ষ্টেচনত ১২২০৪ নম্বৰৰ অমৃতসৰ-সহৰছা ৰে’লৰ ডবাত অগ্নিকাণ্ড সংঘটিত হয়। এই কথা জানিব পাৰি ৰে’লৱেৰ বিষয়াসকলে ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰি যাত্ৰীসকলক অন্য ডবালৈ স্থানান্তৰিত কৰে আৰু জুই সোনকালে নিৰ্বাপিত হয়। অলপতে যাত্ৰা আৰম্ভ হ’ব ৰে’লখন। কোনো লোক হতাহত হোৱা নাই।
हिन्दुस्थान समाचार / অৰৱিন্দ
