নতুন দিল্লী, ০৩ জুলাই (হি.স.)। নৌসেনাৰ মুৰব্বী এডমিৰেল দিনেশ কুমাৰ ত্ৰিপাঠীয়ে বৃহস্পতিবাৰে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰৰ বাসগৃহত সৌজন্যমূলক সাক্ষাৎ কৰে। এই উপলক্ষে এডমিৰেল ত্ৰিপাঠীয়ে ছত্রপতি শিৱাজী মহাৰাজৰ ঐতিহাসিক ‘ৰাজ মুদ্ৰা’ৰ প্ৰতিৰূপ উপ-ৰাষ্ট্ৰপতিগৰাকীক প্ৰদান কৰে। এই তথ্য উপ-ৰাষ্ট্ৰপতিৰ এক্স হেণ্ডেলত সভাৰ ছবি শ্বেয়াৰ কৰাৰ সময়ত দিয়া হৈছে।
এই ৰাজমুদ্ৰাক মাৰাঠা সাম্ৰাজ্যৰ গৌৰৱময় ঐতিহ্য আৰু প্ৰশাসনিক দূৰদৰ্শিতাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। ইয়াত লিপিবদ্ধ সংস্কৃত শ্লোকৰ অৰ্থ হ’ল, শ্বাহাজীৰ পুত্ৰ শিৱাজীৰ এই মোহৰখন সকলোৰে কল্যাণৰ বাবে জিলিকি উঠে, প্ৰথম নিশাৰ অৰ্ধচন্দ্ৰৰ দৰে, যিটো সমগ্ৰ বিশ্বতে অবিৰতভাৱে বিয়পি আছে আৰু শ্ৰদ্ধা লাভ কৰি আছে।
এই উপহাৰক ঐতিহাসিক আৰু প্ৰেৰণাদায়ক বুলি অভিহিত কৰি উপ-ৰাষ্ট্ৰপতি ধনখৰে ছত্ৰপতি শিৱাজী মহাৰাজৰ শাসন ব্যৱস্থা, নীতি আৰু দেশপ্ৰেমৰ কথা সোঁৱৰাই দিয়ে। তেওঁ কয় যে শিৱাজী মহাৰাজৰ জীৱন আজিও জনসেৱা, নীতি প্ৰশাসন আৰু আত্মসন্মানৰ পথ প্ৰদৰ্শক।
ৰাজমুদ্ৰাৰ এই প্ৰতীকী উপস্থাপনে ভাৰতীয় নৌসেনা আৰু মাৰাঠা সাম্ৰাজ্যৰ মাজত থকা গৌৰৱময় সামুদ্ৰিক পৰম্পৰাকো আঁত ধৰে, যাৰ ভেটি স্বয়ং শিৱাজী মহাৰাজে স্থাপন কৰিছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
