পাটনা, ১৭ নৱেম্বৰ (হি.স.)। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ অধ্যক্ষতাত সোমবাৰে মন্ত্ৰী পৰিষদৰ অন্তিমখন কেবিনেট বৈঠক অনুষ্ঠিত হয়। তিনিটা প্ৰস্তাৱত অনুমোদন জনোৱাৰ পিছত নীতিশ কুমাৰে ৰাজ্যপাল আৰিফ মহম্মদ খানৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে।
ৰাজ্যৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে নীতিশ কুমাৰে। পদত্যাগৰ পিছতে ৰাজ্যপাল আৰিফ মহম্মদ খানে নতুন চৰকাৰ গঠন নোহোৱালৈকে তেওঁক ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী হিচাপে থাকিবলৈ অনুৰোধ জনাইছে। পদত্যাগ কৰাৰ পূৰ্বে নীতিশ কুমাৰে চৰকাৰৰ অন্তিমখন কেবিনেট বৈঠক অনুষ্ঠিত কৰিছিল, য’ত মন্ত্ৰীসভা ভংগ কৰাৰ প্ৰস্তাৱ গৃহীত হৈছিল।
ইয়াৰ পূৰ্বে আজি অনুষ্ঠিত নীতিশ কুমাৰৰ অন্তিমখন কেবিনেট বৈঠকত মুঠ তিনিটা প্ৰস্তাৱত অনুমোদন জনোৱা হয়। ৰাজ্যৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী তথা জনতা দল ইউনাইটেডৰ জ্যেষ্ঠ নেতা বিজয় চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে আজিৰ কেবিনেট বৈঠকত মুঠ তিনিটা প্ৰস্তাৱ গৃহীত হৈছে। প্ৰথম প্ৰস্তাৱৰ অধীনত মন্ত্ৰীসভাই ১৯ নৱেম্বৰৰ পৰা চলিত বিধানসভা ভংগ কৰাৰ পৰামৰ্শ আগবঢ়ায়। দ্বিতীয় প্ৰস্তাৱত তেওঁৰ সমগ্ৰ কাৰ্যকালত বিহাৰৰ বিষয়া-কৰ্মচাৰীসকলে আগবঢ়োৱা ইতিবাচক সহযোগিতাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। তৃতীয়টো প্ৰস্তাৱত মন্ত্ৰী পৰিষদে সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত নীতিশ কুমাৰৰ নেতৃত্বত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট (এন ডি এ)য়ে লাভ কৰা বিপুল সংখ্যাগৰিষ্ঠতাৰ বাবে মুখ্যমন্ত্ৰীক অভিনন্দন আৰু কৃতজ্ঞতা প্ৰকাশ কৰে।
সূত্ৰ অনুসৰি, ২০ নৱেম্বৰত দশম বাৰৰ বাবে নীতিশ কুমাৰে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব পাৰে। তেওঁৰ লগতে ৩১জন মন্ত্ৰীয়েও পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰিব পাৰে। ৰাজধানী পাটনাৰ গান্ধী মৈদানত শপতগ্ৰহণ অনুষ্ঠানত এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে অংশগ্ৰহণ কৰিব পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
