নতুন দিল্লী, ১৮ আগষ্ট (হি.স.)। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সোমবাৰে লোকসভাত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (সংশোধনী) বিধেয়ক, ২০২৫ উত্থাপন কৰে । ইয়াৰ লক্ষ্য হৈছে ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান আইন, ২০১৭ সংশোধন কৰি ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, গুৱাহাটী (আই আই এম গুৱাহাটী)ক আইনখনৰ সূচীত অন্তৰ্ভুক্ত কৰা।
বিধেয়কখনৰ উদ্দেশ্য আৰু কাৰণত উল্লেখ আছে যে ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু সংযুক্ত মুক্তি মৰ্চা অসমৰ প্ৰতিনিধিৰ মাজত এখন নিষ্পত্তি স্মাৰকপত্ৰ (এম অ’ এছ) স্বাক্ষৰ কৰা হৈছে। ইয়াৰ অধীনত গুৱাহাটীত আই আই এম স্থাপনকে ধৰি বিশেষ উন্নয়ন পেকেজৰ অধীনত কেন্দ্রীয় চৰকাৰে কেইবাটাও প্রকল্প ৰূপায়ণ কৰিব ৷
বৰ্তমান দেশত ২১টা আই আই এম আছে, যিবোৰক ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে ঘোষণা কৰা হৈছে আৰু সেই সকলোবোৰ আই আই এম আইনৰ সূচীত তালিকাভুক্ত কৰা হৈছে। প্ৰস্তাৱিত সংশোধনী অনুসৰি আই আই এম গুৱাহাটীকো এই সূচীত অন্তৰ্ভুক্ত কৰা হ’ব, যাৰ ফলত ই দেশৰ ২২ সংখ্যক আই আই এম হ’ব। বিধেয়কখনত উল্লেখ আছে যে অসম চৰকাৰে ৰাজ্যখনৰ ভৌগোলিক অৱস্থান আৰু সামগ্ৰিক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত আই আই এম স্থাপনৰ বাবে অনুৰোধ জনাইছিল।
বিধেয়কখনত উল্লেখ কৰা হৈছে যে অসম একমাত্ৰ ৰাজ্যসমূহৰ ভিতৰত অন্যতম যিখনৰ জনসংখ্যা তিনি কোটিতকৈ অধিক, তথাপিও এতিয়াও আই আই এম নাই। সৰ্বভাৰতীয় উচ্চ শিক্ষা সমীক্ষা অনুসৰি অসমৰ উচ্চ শিক্ষানুষ্ঠানত ৫.৫ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছে। এনে পৰিস্থিতিত আই আই এম স্থাপনে উত্তৰ-পূব অঞ্চলৰ শিক্ষাৰ স্তৰ বৃদ্ধি কৰাই নহয়, তাত থকা যুৱক-যুৱতীসকলক পৰিচালনাৰ দক্ষতা বিকাশৰ সুযোগো লাভ কৰিব।
বিধেয়কখনৰ মূল কথা- ৪ নং ধাৰা সংশোধন কৰি প্ৰতিটো আই আই এমক স্বতন্ত্ৰ সংস্থা হিচাপে স্বীকৃতি দিয়া হ’ব। আই আই এম গুৱাহাটীৰ ক্ষেত্ৰত এই আইনৰ সকলো ধাৰা প্ৰযোজ্য হ’ব। আই আই এম গুৱাহাটীৰ প্ৰথমখন পৰিচালনা সমিতি গঠন নোহোৱালৈকে ইয়াৰ সকলো অধিকাৰ আৰু কাম-কাজ কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিয়া ব্যক্তি বা ব্যক্তিৰ জৰিয়তে পৰিচালিত হ’ব। আইনৰ সূচীত আই আই এম গুৱাহাটীক সংযোজন কৰাৰ প্ৰস্তাৱ।
উল্লেখযোগ্য যে ভাৰত চৰকাৰে ১৯৬১ চনত কলকাতাত প্ৰথম আৰু আহমেদাবাদত দ্বিতীয়টো আই আই এম স্থাপন কৰিছিল। ইয়াৰ পিছত ক্ৰমে বেংগালুৰু, লক্ষ্ণৌ, ইন্দোৰ, কোঝিকোড আদি বহু ঠাইত আই আই এম স্থাপন কৰা হৈছিল। ২০১৭ চনত গৃহীত আইনখনৰ জৰিয়তে এই শিক্ষানুষ্ঠানসমূহক ডিগ্ৰী আৰু শৈক্ষিক স্বায়ত্তশাসন প্ৰদানৰ অধিকাৰ প্ৰদান কৰা হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
