-ধাৰালীলৈ প্ৰেৰণ কৰা হৈছে ০৩ গৰাকী মনোৰোগ বিশেষজ্ঞ
ডেৰাডুন, ০৬ আগষ্ট (হি.স.)। উত্তৰকাশী জিলাৰ ধৰালীত সংঘটিত ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগৰ পিছত সষ্টম হৈ পৰিছে স্বাস্থ্য বিভাগ। দুন চিকিৎসা মহাবিদ্যালয় ডেৰাডুন, ক’ৰ’নেচন জিলা চিকিৎসালয় আৰু ঋষিকেশ এইমছত ২৮০ খনতকৈও অধিক সাধাৰণ বিচনা আৰু ৯০ খনতকৈও অধিক আই চি ইউ বিচনা সংৰক্ষিত কৰা হৈছে। লগতে মানসিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ০৩ গৰাকী মনোৰোগ বিশেষজ্ঞক ধৰালীলৈ প্ৰেৰণ কৰা হৈছে।
এই সন্দৰ্ভত স্বাস্থ্য সচিব ডাঃ আৰ ৰাজেশ কুমাৰে কয় যে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে স্পষ্ট নিৰ্দেশনা দিছে যে এজনো আহত বা আৰ্তজনক চিকিৎসাৰ পৰা বঞ্চিত কৰিব নালাগে। প্ৰতিটো পৰিস্থিতিৰ বাবে সম্পূৰ্ণ সাজু স্বাস্থ্য বিভাগ। আটাইকেইখন জিলাৰ মুখ্য চিকিৎসা বিষয়া (চিএমঅ’) আৰু দুৰ্যোগ সঁহাৰিৰ দল সষ্টম হৈ আছে। ১০৮ এম্বুলেন্স সেৱাও ২৪ ঘণ্টাই এক্টিভ মোডত ৰখা হৈছে। এইটো এটা স্পৰ্শকাতৰ সময়। যিকোনো ধৰণৰ গাফিলতি সহ্য কৰা নহ’ব।
তেওঁ অৱগত কৰে যে ঋষিকেশৰ ডেৰাডুনৰ প্ৰধান চিকিৎসা প্ৰতিষ্ঠানসমূহত বিচনা সংৰক্ষণ কৰা হৈছে, যাতে দুৰ্যোগ ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা অনা আহতসকলে তৎকালীন চিকিৎসা লাভ কৰিব পাৰে। তেওঁ অৱগত কৰে যে দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলে মানসিক চাপ আৰু হতাশাত ভুগি থকাটো স্বাভাৱিক। এই কথা মনত ৰাখি চৰকাৰে ধৰালী অঞ্চলত তিনিজন মনোৰোগ বিশেষজ্ঞক বিশেষভাৱে নিয়োগ কৰিছে, যাতে আৰ্তজনৰ তাৎক্ষণিক পৰামৰ্শ আৰু মানসিক সহায় লাভ কৰিব পাৰে। এই চিকিৎসকৰ দলটোৱে স্থানীয় প্ৰশাসনৰ সৈতে সমন্বয়ত কাম কৰিব আৰু লগতে সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰি ৰাইজৰ সৈতে যোগাযোগ কৰিব।
তেওঁ জনোৱা মতে চিকিৎসা ব্যৱস্থাৰ অধীনত ডেৰাডুনৰ দুন চিকিৎসা মহাবিদ্যালয় হাস্পতালত ১৫০ খন সাধাৰণ বিচনা, ৫০ খন আই চি ইউ বিচনা, ক’ৰ’নেচন জিলা চিকিৎসালয় ডেৰাডুনত ৮০ খন সাধাৰণ আৰু ২০ খন আই চি ইউ বিচনা, এইমছ ঋষিকেশত ৫০ খন সাধাৰণ বিচনা, ২০ খন আই চি ইউ বিচনা সংৰক্ষিত কৰা হৈছে। এই চিকিৎসালয়সমূহত চিকিৎসক, নাৰ্চিং কৰ্মচাৰী, পেৰামেডিকেল আৰু ঔষধ যোগানৰ ব্যৱস্থাও সম্পূৰ্ণ হৈছে।
উল্লেখযোগ্য যে মঙলবাৰে উত্তৰকাশী জিলাৰ ধৰালীত ডাৱৰ বিস্ফোৰণৰ ফলত ব্যাপক ধ্বংসলীলা সংঘটিত হৈছে। খেৰগংগা নদীত বানপানীৰ সৃষ্টি হয়। এই দুৰ্যোগত এতিয়ালৈকে ৪ জন লোকৰ মৃত্যু হৈছে আৰু বহু লোক নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে। বুধবাৰে পুৱাৰে পৰা স্থানত অব্যাহত আছে সাহায্য আৰু উদ্ধাৰৰ কাম।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
