– দ্বিপাক্ষিক আলোচনাত ব্যাপক প্ৰতিৰক্ষা আৰু কৌশলগত বিষয়সমূহৰ ওপৰত বিস্তৃত চৰ্চা
– দ্বিতীয় বিশ্বযুদ্ধৰ আমেৰিকাৰ পেৰাচুট, ইউনিফৰ্ম আৰু বিমানৰ অংশ হস্তান্তৰ
নতুন দিল্লী, ১০ নৱেম্বৰ (হি.স.)। নতুন দিল্লীত আমেৰিকাৰ প্ৰতিৰক্ষা সচিব লয়ড অষ্টিনৰ সৈতে শুকুৰবাৰে দ্বিপাক্ষিক বৈঠকত মিলিত হয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। দুয়োগৰাকী মন্ত্ৰীয়ে প্ৰতিৰক্ষা আৰু কৌশলগত বিষয়সমূহৰ ওপৰত আলোচনা কৰে। এই আলোচনাত প্ৰতিৰক্ষা উদ্যোগ সহযোগিতা বৃদ্ধি আৰু দুয়োপক্ষৰ প্ৰতিৰক্ষা উদ্যোগক একত্ৰিত কৰি প্ৰতিৰক্ষা ব্যৱস্থাৰ সহ-বিকাশ আৰু সহযোগী উৎপাদনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছিল।
দুয়োখন দেশৰ মন্ত্ৰীসকলে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত যৌথ গৱেষণাকে ধৰি প্ৰতিৰক্ষা প্ৰযুক্তিৰ সহযোগিতাক আগুৱাই নিয়াৰ উপায় আৰু সাধনৰ বিষয়ে আলোচনা কৰে। তেওঁ চলিত বৰ্ষৰ জুন মাহত আৰম্ভ হোৱা ভাৰত-আমেৰিকাৰ প্ৰতিৰক্ষা ঔদ্যোগিক পৰিৱেশ তন্ত্ৰ, ইণ্ডাছ-এক্সৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ইয়াৰ লক্ষ্য হৈছে ভাৰত আৰু আমেৰিকাৰ চৰকাৰ, ব্যৱসায়, আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ মাজত কৌশলগত প্ৰযুক্তি অংশীদাৰিত্ব আৰু প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা সম্প্ৰসাৰণ কৰা। বাহৰেইনত মুখ্য কাৰ্যালয় থকা বহুপক্ষীয় গাঁথনি সংযুক্ত সামুদ্ৰিক বাহিনীৰ সম্পূৰ্ণ সদস্যপদলৈ ভাৰতে সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্তক আমেৰিকাৰ প্ৰতিৰক্ষা সচিব অষ্টিনে আদৰণি জনায়।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আমেৰিকাৰ প্ৰতিৰক্ষা পিওডব্লিউ এমআইএ একাউণ্টিং এজেন্সীৰ মিছনৰ অংশ হিচাপে অসমত উদ্ধাৰ হোৱা কিছু সামগ্ৰী প্ৰতীকীভাৱে আমেৰিকাৰ প্ৰতিৰক্ষা সচিব অষ্টিনক গতাই দিয়ে। এই সামগ্ৰীসমূহৰ ভিতৰত আছে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকান বাহিনীৰ পেৰাচুট, ইউনিফৰ্ম আৰু বিমানৰ অংশ। আলোচনাৰ শেষত দুয়োখন দেশৰ মন্ত্ৰীসকলে তেওঁলোকৰ দলসমূহৰ বাবে ভৱিষ্যতে যৌথ কামৰ বাবে এজেণ্ডা প্ৰস্তুত কৰে।
হিন্দুস্থান সমাচাৰ/সুনীত/মনোজ/অৰবিন্দ
