নতুন দিল্লী, ০৫ ছেপ্টেম্বৰ (হি.স.)। বহুদিন ধৰি বান পৰিস্থিতিৰ সন্মুখীন হোৱা ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ যমুনা নদীৰ জলপৃষ্ঠৰ উচ্চতা আজি পুৱা ৭ বজাত পুৰণি ৰে’ল দলঙত ২০৭.৩৩ মিটাৰ হোৱা বুলি জানিব পৰা গৈছে। এই স্তৰটোৱে এদিন পূৰ্বে এই ছিজনত সৰ্বোচ্চ স্তৰ ২০৭.৪৮ মিটাৰত উপনীত হৈছিল। পুৰণি ৰে’ল দলংখনক লোহা পুল বুলিও কোৱা হয়।
বিষয়াসকলৰ মতে, আজি পুৱা ৬ বজাত পুৰণি ৰে’ল দলংখনৰ জলপৃষ্ঠ ২০৭.৩৫ মিটাৰ আছিল। সন্ধিয়াৰ ভিতৰত জলপৃষ্ঠ আৰু অধিক কমি যোৱাৰ সম্ভাৱনা আছে। যোৱা কেইদিনমানৰ পৰা উফন্দি উঠা যমুনাই ৰাজধানীৰ নিম্নভূমি অঞ্চলত বিধ্বংসী ৰূপ ধাৰণ কৰিছে।
উল্লেখযোগ্য যে পুৰণি ৰে’ল দলংখন দিল্লীৰ বান পূৰ্বাভাস কেন্দ্ৰ হিচাপে বিবেচিত হৈছে। সাঁতোৰ, নাওঁ চলোৱা বা মনোৰঞ্জনৰ বাবে একেবাৰেই নদীৰ ভিতৰলৈ নাযাবলৈ জিলা প্ৰশাসনে সকীয়াই দিছে।
দিল্লীৰ যমুনা নদীয়ে বিপদৰ চিন অতিক্ৰম কৰিলে। হাৰিয়ানাৰ হাথনি কুণ্ডৰ পৰা ধাৰাবাহিকভাৱে পানী নিৰ্গত হোৱাৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হয়। ডুব গৈছিল যমুনা বজাৰ আৰু ৰিং ৰোড। বুধবাৰে সন্ধিয়া যমুনাৰ জলপৃষ্ঠ ২০৫.৩৩ মিটাৰ বিপদৰ চিনতকৈ দুমিটাৰ ওপৰেৰে বৃদ্ধি পায়। ইয়াৰ বাবে সমগ্ৰ খাদৰ অঞ্চল পানীৰে বুৰ গৈছে। পৰিস্থিতি এনে হৈ পৰিল যে ৰাজঘাটৰ পৰা কাশ্মীৰী গেটলৈ যোৱা পথত যান-বাহনৰ চলাচল বন্ধ কৰিব লগা হ’ল। নিগম বোধ ঘাট বন্ধ কৰিব লগা হ’ল।
বুধবাৰে হাৰিয়ানাৰ হাথনি কুণ্ডৰ পৰা প্ৰতি ঘণ্টাত ১.৭৫ লাখ কিউচেকতকৈ অধিক পানী এৰি দিয়া হয়।
সোমবাৰে প্ৰতি ঘণ্টাত সৰ্বাধিক ৩.২৯ লাখ কিউচেক আৰু মঙলবাৰে দুই লাখ কিউচেক পৰ্যন্ত পানী নিৰ্গত হয়। ইয়াৰ বাবেই দিল্লীৰ যমুনা নদীৰ ঢৌ উঠিছিল। এটা কিউচেকে প্ৰতি ছেকেণ্ডত এক ঘনফুট পানীৰ প্ৰবাহ জুখিব পাৰে, যিটো প্ৰতি ছেকেণ্ডত প্ৰায় ২৮.৩১৭ লিটাৰৰ সমান। মঙলবাৰে সন্ধিয়া চাৰি বজাত লোহা পুলৰ সমীপৰ যমুনাৰ জলপৃষ্ঠ ২০৬ মিটাৰ পৰ্যন্ত হয়। ইয়াৰ বাবে দলঙৰ পৰা যান-বাহনৰ চলাচল বন্ধ হৈ পৰে। বুধবাৰে পুৱা ৬:৩০ বজাত এই দলঙত ৰে’লৰ চলাচল বন্ধ কৰিব লগা হৈছিল। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী, উত্তৰ, উত্তৰ-পূব, শ্বাহদৰা, পূব, মধ্য আৰু দক্ষিণ-পূবৰ ছখন জিলাত বিশেষ ব্যৱস্থা কৰা হয়। দক্ষিণ-পূব, মধ্য আৰু পূব জিলাত মোতায়েন কৰা হৈছিল এন ডি আৰ এফৰ দল। জলসিঞ্চন আৰু বান নিয়ন্ত্ৰণ বিভাগৰ বিষয়াসকলে জনোৱা মতে, লোহা পুলত ২৪ ঘণ্টাই নিৰীক্ষণ কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
