নতুন দিল্লী, ১২ নৱেম্বৰ (হি.স.)। উত্তৰ-পূব অঞ্চলৰ কেন্দ্ৰীয় যোগাযোগ আৰু উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ত্ৰিপুৰাক বিশ্ব পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।
ত্ৰিপুৰাৰ সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্যক বিশ্ব মঞ্চত প্ৰদৰ্শনৰ বাবে সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰা হৈছে। সিন্ধিয়াৰ সভাপতিত্বত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড০ মাণিক সাহাৰ উপস্থিতিত মাতাবাৰী পৰ্যটন বৰ্তনীৰ উন্নয়নৰ ওপৰত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। সভাত ৰাজ্যখনক সাংস্কৃতিক, আধ্যাত্মিক, আৰু পৰিৱেশ পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়।
বৈঠকৰ সময়ত আগৰতলা বিমানবন্দৰৰ আন্তঃৰাষ্ট্ৰীয় সংযোগ বৃদ্ধি, নীৰ মহল, টেপানিয়া, জাম্পুইপুৰা, আৰু উদয়পুৰৰ দৰে প্ৰধান পৰ্যটন স্থলীৰ পুনৰ উন্নয়ন, ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ আৰ্হিৰ অধীনত ডাম্বুৰ দ্বীপপুঞ্জৰ উন্নয়নৰ পৰিকল্পনা ৰূপৰেখা দাঙি ধৰা হয়। সিন্ধিয়াই কয় যে স্থানীয় পৰ্যটক গাইড আৰু সেৱা খণ্ডৰ প্ৰশিক্ষণকে ধৰি সাতটা মূল ক্ষেত্ৰত সামৰ্থ্য বিকাশে নিয়োগ আৰু দক্ষতা বিকাশত সহায় কৰিব। লক্ষদ্বীপ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, কেভাদিয়াৰ দৰে সফল পৰ্যটন আৰ্হিৰ পৰা শিকি ত্ৰিপুৰাত বিশ্বমানৰ পৰ্যটন অভিজ্ঞতা গঢ়ি তুলিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। সিন্ধিয়াই কয় যে কেন্দ্ৰীয় চৰকাৰৰ লক্ষ্য হৈছে শক্তিশালী পৰ্যটনৰ জৰিয়তে বিশ্বজুৰি উত্তৰ-পূব ভাৰতৰ অনন্য পৰিচয় প্ৰতিষ্ঠা কৰা।
हिन्दुस्थान समाचार / অৰৱিন্দ
