যশপুৰ, ৩১ জুলাই (হি.স.)। ছত্তীশগড়ৰ যশপুৰ জিলাত বৃহস্পতিবাৰে পুৱা অনুভূত হয় ভূমিকম্প। পুৱা প্ৰায় ৭:৩১ বজাত সংঘটিত হয় এই ভূমিকম্প। এই সময়ছোৱাত সাৱধানতা স্বৰূপে ঘৰৰ পৰা ওলাই আহিছিল। ভূমিকম্পৰ ফলত কোনো লোকৰ প্ৰাণ হেৰুৱাব বা ক্ষয়-ক্ষতি হোৱাৰ খবৰ পোৱা নাই। ভূমিকম্পৰ কেন্দ্ৰবিন্দু যশপুৰ জিলাৰ বাগিচা অঞ্চল বুলি জানিব পৰা গৈছে। অৱশ্যে বৰ্তমানলৈকে প্ৰশাসনে কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই।
ভূতত্ত্ববিদ অনিল সিনহাই কয় যে ভূমিকম্পৰ প্ৰাবল্য ৪ আছিল। ইয়াৰ ফলত জীৱন বা সা-সম্পত্তিৰ বিশেষ ক্ষতি নহয়। এই কাৰণেই এতিয়াও ৰাষ্ট্ৰীয় মানচিত্ৰত অহা নাই। ভূমিকম্পৰ ক্ষেত্ৰতো যশপুৰ স্পৰ্শকাতৰ অঞ্চল। যোৱা ৩ বছৰত সুৰগুজাত কেইবাবাৰো ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
