নাৰায়ণপুৰ/ৰায়পুৰ, ২৬ জুন (হি.স.)। ছত্তীশগড়ৰ নাৰায়ণপুৰ জিলাৰ অবুঝমাদৰ কোহকামেটা থানা এলেকাৰ ঘন বনাঞ্চলত নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত তীব্ৰ সংঘৰ্ষৰ সৃষ্টি হৈছে। বুধবাৰৰ নিশাৰ পৰা বৃহস্পতিবাৰৰ পুৱালৈ নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত হোৱা সংঘৰ্ষত নিহত হৈছে দুগৰাকী মহিলা নক্সালবাদী। ঘটনাস্থলীৰ পৰা মহিলা নক্সালবাদীৰ মৃতদেহ, এটা ইনছাছ ৰাইফল, এটা .৩১৫ ব’ৰ অস্ত্ৰ, মেডিকেল কিট আদি উদ্ধাৰ হৈছে। এই কথা নিশ্চিত কৰিছে আৰক্ষী অধীক্ষক প্ৰভাত কুমাৰে।
নাৰায়ণপুৰ আৰক্ষীয়ে জনোৱা মতে, মাদ সংমণ্ডলৰ সক্ৰিয় মাওবাদী কেডাৰৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পিছত বুধবাৰে সন্ধিয়াৰ পৰা ডি আৰ জি (জিলা ৰিজাৰ্ভ গাৰ্ড) নাৰায়ণপুৰ, কোণ্ডাগাঁও আৰু এছ টি এফ (স্পেচিয়েল টাস্ক ফ’ৰ্চ)ৰ যৌথ দলে অঞ্চলটোত তালাচী অভিযান আৰম্ভ কৰে। বৃহস্পতিবাৰে পুৱালৈকে চলি থকা এই এনকাউণ্টাৰত নিৰাপত্তা বাহিনীয়ে দুগৰাকী মহিলা নক্সালবাদীক হত্যা কৰিছে। আৰক্ষীয়ে জনোৱা মতে, নিহত মহিলা নক্সালসকলৰ পৰিচয় জানিব পৰা হৈছে। এতিয়াও অব্যাহত আছে অনুসন্ধান অভিযান।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
